Local, Vocal, Global

Shock And Outrage In Bongaigaon District Following Death Of Class VIII Student : : চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ মৃতদেহ

যোগীঘোপা,২২জুন : চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ মৃতদেহ ।

যোগীঘোপাৰ কোমৰাকাটাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনাৰ । কোমৰাকাটাত চিপ লোৱা অৱস্থাত উদ্ধাৰ অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ মৃতদেহ। মৃত ছাত্ৰীগৰাকী কোমৰাকাটা মধ্য ইংৰাজী বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী নাৰ্গিছ আখতাৰ ।

জানিব পৰা মতে, আজি পুৱা প্ৰায় ৮ বজাত পৰীক্ষাত অৱতীৰ্ণ হবলৈ বুলি নিজ বাসগৃহৰ পৰা বিদ্যালয় লৈ গৈছিল ছাত্ৰীগৰাকী। বিদ্যালয় লৈ অহা-যোৱা কৰা পথছোৱাত এগৰাকী শিক্ষাৰ্থীয়ে এজোপা গছত ছাত্ৰীগৰাকীক চিপ লোৱা অৱস্থাত প্ৰত্যক্ষ কৰি বিদ্যালয়ৰ শিক্ষকক অৱগত কৰে। লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে(Shock And Outrage In Bongaigaon District Following Death Of Class VIII Student) ।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি এয়া এক হত্যাকাণ্ড । পূৰ্বেও এনে অনুৰূপ ঘটনা উক্ত অঞ্চলত সংঘটিত হোৱা বুলি অভিযোগ স্থানীয় ৰাইজৰ।

লগতে পঢ়ক : Poor Road Condition : জৰাজীৰ্ণ পথে জ্বলাকলা খুৱাইছে ২ নং বছা বামুণগাঁৱবাসীক