Local, Vocal, Global

Poor Road Condition : জৰাজীৰ্ণ পথে জ্বলাকলা খুৱাইছে ২ নং বছা বামুণগাঁৱবাসীক

তিতাবৰ,২২জুন : জৰাজীৰ্ণ পথে জ্বলাকলা খুৱাইছে ২ নং বছা বামুণগাঁৱবাসীক । পথ নিৰ্মাণত বিভাগীয় কৰ্তৃপক্ষই গাফিলতি কৰাৰ অভিযোগ ৰাইজৰ ।

এটা জৰাজীৰ্ণ পথে জ্বলাকলা খোৱাইছে তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰহোলাৰ ২ নং বছা বামুণগাঁৱৰ ৰাইজক। ২নঃ বছা বামুণগাঁৱৰ পৰা আঠখেলী়য়া সংযোগী প্ৰায় ৮০০ মিটাৰ দৈৰ্ঘ্যৰ শিৱনাথ নামৰ পথটোৱে জ্বলা কলা খুৱাই আহিছে বামুণগাঁওৰ ৰাইজক।

ৰাইজৰ অভিযোগ অনুসৰি এজাক বৰষুণ দিলেই পথচোৱাৰে অচল হৈ পৰে যাতায়ত ব্যৱস্থা। যাৰ ফলত স্কুলৰ ছাত্ৰ ছাত্ৰী সকলকে ধৰি যথেষ্ঠ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে সেই পথেৰ যাতায়ত কৰা পথচাৰি সকল।

উল্লেখযোগ্য যে বিগত ২০২১-২০২২ বৰ্ষতে পছটো নিৰ্মাণৰ বাবে আৱণ্টিত পথটো ২০২৩ বৰ্ষৰ জানুৱাৰীৰ ৭ তাৰিখে ঠেঙাল কছাৰী মুখ্য কাৰ্য্যবাহী সদস্য প্ৰতাপ কছাৰীয়ে ৰাস্তাটোৰ কাম শুভাৰম্ভণি কৰি আধাৰশিলা স্থাপন কৰিছিল। কিন্তু বৰ্তমানেও কাম সম্পূৰ্ণ নোহোৱাক লৈ ক্ষোভিত হৈ পৰিছে গাওঁখনৰ ৰাইজ। ৰাইজৰ অভিযোগ ৫ লাখ টকাৰ বাজেটৰ এই পথটোৰ ১০% কামো আগবঢ়া নাই। বিগত ২০২৩ বৰ্ষতে কেৱল মাত্ৰ ৫ গাড়ী চেন- গ্ৰেভেল পেলোৱাৰ লগতে কিছু পৰিমানৰ ফ্ৰেভাৰʼ ব্লক পেলায় গা এৰা দিছে বিভাগীয় কৰ্তৃপক্ষই। উক্ত পথচোৱাত কেৱল মাত্ৰ ১ লাখ টকাৰ কাম কৰি বাকী টকাসমূহ বিভাগীয় কৰ্তৃপক্ষই আত্মহাত কৰাৰ অভিযোগ গঞাঁ ৰাইজৰ।

লগতে পঢ়ক : Sensational Incident : কনিষ্ঠ ভাতৃৰ প্ৰহাৰত প্ৰাণ গ’ল জেষ্ঠ ভাতৃৰ