Local, Vocal, Global

Boat Accident In Barpeta : বাঢ়নি পানীৰ সোঁতত পৰি প্ৰাণ হেৰুৱালে ৭ বছৰীয়া শিশুৱে

নিউজ ডেস্ক,২২জুন : আহাৰ মহীয়া বানে প্ৰাণ কাঢ়িলে ৭ বছৰীয়া শিশুক । বাঢ়নি পানীৰ সোঁতত পৰি প্ৰাণ হেৰুৱালে বৰপেটা জিলাৰ সৰুক্ষেত্ৰীৰ ৭ বছৰীয়া কাইছে।

বৰপেটাৰ বেছিমাৰী গাঁৱত শুকুৰবাৰে সংঘটিত হৈছিল এটি নাও দুৰ্ঘটনা ৷ দুৰ্ঘটনাগ্ৰস্ত নাওখনত পিতৃ আৰু ভগ্নীৰ সৈতে আছিল ৭ বছৰীয়া কাইছ আহমেদ নামৰ এটি শিশু। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছৰ পৰাই সন্ধানহীন হৈ পৰিছিল কাইছ আহমেদ । তাৰ পিছতে এছ ডি আৰ এফ বাহিনী আৰু স্থানীয় ৰাইজে উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু অৱশেষত আজি উদ্ধাৰ হয় ৭ বছৰীয়া কাইছ আহমেদৰ নশ্বৰ দেহ(Boat Accident In Barpeta) ।

ইতিমধ্যে কাইছ আহমেদৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : Illegal Liquor seized in Merapani : মেৰাপানীৰত জব্দ অবৈধ সুৰাভৰ্তি ট্ৰাক