Sensational Incident : কনিষ্ঠ ভাতৃৰ প্ৰহাৰত প্ৰাণ গ’ল জেষ্ঠ ভাতৃৰ

নিউজ ডেস্ক,২২জুন : হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)।
কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। ৰাজ্যত পুনত হত্যাকাণ্ড। হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড।
ডিগবৈৰ ৩ নম্বৰ বৰবিলত নৃশংস হত্যাকাণ্ড । ডিগবৈত কনিষ্ঠ ভাতৃৰ প্ৰহাৰত প্ৰাণ গ’ল জেষ্ঠ ভাতৃৰ ।
আনন চৰেণৰ দাৰ ঘাপত প্ৰাণ গ’ল জেষ্ঠ ভাতৃ অজয় চৰেণৰ ।এটা মোবাইল ফোনৰ বাবেই সংঘটিত হয় এই শিহৰণকাৰী ঘটনাটো ।
জানিব পৰা মতে, মোবাইলক লৈ নিজ পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল আনন চৰেণ।পতি-পত্নীৰ কাজিয়া সন্দৰ্ভত সুধিবলৈ যোৱাই কাল হ’ল জেষ্ঠ ভাতৃ অজয় চৰেণৰ । পত্নীৰ সৈতে কাজিয়াত লিপ্ত হোৱা আনন চৰেণক জেষ্ঠ ভাতৃ অজয় প্ৰশ্ন কৰাত অজয় চৰেণক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে আনন চৰেণে। নৃশংস হত্যাকাণ্ড সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে আননে। এতিয়াও পলাতক অৱস্থাত আছে হত্যাকাৰী আনন চৰেণ। ঘটনাস্থলীত ডিগবৈ আৰক্ষী উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।
লগতে পঢ়ক : Boat Accident In Barpeta : বাঢ়নি পানীৰ সোঁতত পৰি প্ৰাণ হেৰুৱালে ৭ বছৰীয়া শিশুৱে