Local, Vocal, Global

Assam Rifles Recovers Huge cache of Arms : মণিপুৰত সেনা, আৰক্ষীৰ অভিযান;অভিযানত বহু অস্ত্ৰ, শস্ত্ৰ, বিদ্ৰোহী সংগঠনৰ নেতা আৰু সদস্য গ্ৰেপ্তাৰ

নিউজ ডেস্ক,২০জুন : পুনৰ মণিপুৰত সেনা, আৰক্ষীৰ অভিযান। অভিযানত বহু অস্ত্ৰ, শস্ত্ৰ, বিদ্ৰোহী সংগঠনৰ নেতা আৰু সদস্য গ্ৰেপ্তাৰ।

শেহতীয়াকৈ পুনৰ ৰাজ্যখনত আছাম ৰাইফলছে অভিযান চলাই ৩ জন নিষিদ্ধ ঘোষিত সংগঠনৰ কেডাৰক গ্ৰেপ্তাৰ কৰাৰ লগতে আন এক প্ৰান্তত বহু অস্ত্ৰ, শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

আছাম ৰাইফলছৰ অফিচিয়েল এক্স হেণ্ডেলত আজি দিয়া তথ্য অনুসৰি ১৬ জুনত মণিপুৰৰ টেংনুপাল জিলাৰ ইণ্ডো-ম্যানমাৰ সীমান্তৰ চংটঙৰ সাধাৰণ এলেকাত কেকেএলৰ দুজন কেডাৰ আৰু কেচিপিৰ এজন কেডাৰক আটক কৰে(Assam Rifles Recovers Huge cache of Arms in Manipur)।

আনহাতে ১৯ জুনত মণিপুৰ আৰক্ষীৰ সৈতে অসম ৰাইফলছে ইম্ফল পশ্চিম জিলাৰ সাধাৰণ এলেকা চাৰোইবুঙত এটা কাৰ্বাইন মেচিন গান, দুটা একক বেৰেল গান, টুৱেলভ গ্ৰেনেড, ছয় টিউব লাঞ্চিং, গোলাবাৰুদ আৰু অন্যান্য অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়(Assam Rifles Recovers Huge cache of Arms)।

লগতে পঢ়ক : Road Accident in Sivasagar : তীব্ৰবেগী চাৰিচকীয়া বাহনে মহটিয়াই নিয়ে ৪জন যুৱকক;আহত ৪জন যুৱক