Local, Vocal, Global

Bishnu Rabha Diwas: আজি কলাগুৰু প্ৰসাদ ৰাভাৰ মৃত্যু তিথি;মৃত্যুতিথিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সশ্ৰদ্ধ সোঁৱৰণ

নিউজ ডেস্ক,২০জুন : আজি ২০জুন, কলাগুৰু প্ৰসাদ ৰাভাৰ মৃত্যু তিথি। আজিৰ দিনটোতেই মৃত্যু হৈছিল শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ। ১৯৬৯ চনৰ ২০ জুন তাৰিখে নিশা ২-২৫ বজাত তেজপুৰত মৃত্যুক সাবটি লৈছিল ৰাভাদেৱে। তেতিয়াৰ পৰাই প্ৰতিবছৰে ২০ জুনৰ দিনটো বিষ্ণু প্ৰসাদ ৰাভা দিৱস হিচাপে পালন কৰি আহিছে অসমবাসীয়ে। সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি সন্মান জনাই এই দিনটোত ৰাজ্যজুৰি পালন কৰি অহা হৈছে বিষ্ণু ৰাভা দিৱস(Bishnu Rabha DiwasO)।

অসমীয়া জাতিক এক সমৃদ্ধিশীল জাতি হিচাপে গঢ়ি তোলাৰ বাবে অপ্ৰাণ চেষ্টা কৰা বিষ্ণু ৰাভাই ১৯০৯ চনৰ ৩০ জানুৱাৰীত বেঙ্গল প্ৰেসিডেন্সিৰ ঢাকাত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ আছিল গোপাল চন্দ্ৰ মুছাহাৰী। ঢাকাৰ সেনা বিভাগৰ বিদ্যালয়ত হাইস্কুলীয়া শিক্ষাগ্ৰহণ কৰাৰ সময়তে পিতৃ গোপাল চন্দ্ৰ মুছাহাৰীৰ মৃত্যু হোৱাত তেজপুৰস্থিত সম্বন্ধীয় লোকৰ ঘৰত থাকি তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই ১৯২৬ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় বিষ্ণুপ্ৰসাদ ৰাভা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত সকলো পৰীক্ষাৰ্থীৰ ভিতৰত সৰ্ব্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে বিষ্ণুপ্ৰসাদ ৰাভাই লাভ কৰে ‘কুইন এমপ্ৰেছ’ পদক(Assam Pays Tribute to Legendary Cultural Icon with Statewide Events)।

সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল এগৰাকী শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু। বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত, কবিতা ৰচনা কৰাৰ লগতে গল্প, উপন্যাস আৰু অসমীয়া সমাজ-সংস্কৃতি বিষয়ক প্ৰবন্ধ পুথি ৰচনা কৰিছিল।

ৰংপুৰ কলেজত অধ্যয়ন কৰি থকাৰ সময়ত ৰাভাই ‘বাঁহী’ আলোচনীৰ চিত্ৰলেখা বিভাগ পৰিচালনা কৰাৰ লগতে ‘আৱাহন’ আলোচনীত লিখা-মেলা কৰিছিল। ১৯৩৫ চনত ৰাভাই প্ৰথম অসমীয়া বোলছবি জ্যোতি প্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ত নৃত্য পৰিচালনাত সহযোগ কৰে। তাৰ পাছতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগ লাগি ১৯৩৫-৩৭ চনত ৰাভাদেৱে ‘জয়মতী’ আৰু ‘শোণিত কুঁৱৰী’ নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল।

ৰাভাদেৱে লিখা কালজয়ী গীতসমূহ প্ৰতিজন অসমীয়াৰ বুকুত শিপাই আছে। অসমৰ সংস্কৃতি আৰু কৃষ্টিৰ ক্ষেত্ৰখনত অনবদ্য অৱদান আগবঢ়োই থৈ যোৱা এইগৰাকী মহান ব্যক্তিয়ে কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা ‘নটৰাজ’ নৃত্যত বিমুগ্ধ হৈ, তেখেতৰ সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণে সন্মান প্ৰদান কৰিছিল ‘কলাগুৰু’ উপাধি। এসময়ত ৰাজনৈতিক জগততো খোজ পেলাইছিল এইগৰাকী মহন শিল্পীয়ে।

১৯৪৫ চনৰ শেষৰ ফালে ভাৰতৰ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে কলাগুৰু বিষ্ণু ৰাভা। ১৯৫৫ চনত ৰাভাই ভাৰতীয় কমিউনিষ্ট দল (চি.পি.আই.)-ত যোগ দিয়া ৰাভাই ১৯৪৬ চনত ‘চিৰাজ’ বোলছবিৰ কামত কলিকতালৈ যোৱাৰ সময়তে সেই দলৰ নেতা সৌমেন্দ্ৰনাথ ঠাকুৰক লগ পায় আৰু দলৰ সক্ৰিয় সদস্য হৈ পৰে। ১৯৪৮ চনত বিপ্লৱী কমিউনিষ্ট দলক নিষিদ্ধ ঘোষণা কৰাৰ পাছত ১৯৪৮ চনৰ পৰা ১৯৫২ চনলৈ আত্মগোপন কৰি থাকে ৰাভাই। সেই সময়ৰ বিষ্ণুৰাম মেধিৰ চৰকাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মূৰৰ দাম ঘোষণা কৰিছিল দহ হেজাৰ টকা।

১৯৫২ চনত অবিভক্ত গোৱালপাৰা জিলাৰ দোতমা ৰাজহ চক্ৰৰ ঘিলাগুৰি গাঁৱত সপত্নীক গ্ৰেপ্তাৰ হয় ৰাভা আৰু এবছৰৰ বাবে জেললৈ যায়। ইয়াৰ পাছতেই ১৯৫৭ চনত ভাৰতীয় কমিউনিষ্ট দলৰ প্ৰাৰ্থীৰূপে বৰপেটা সমষ্টিৰ পৰা বিধান সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি নিৰ্বাচনত পৰাজিত হয় ৰাভা। ১৯৬২ চনত ভাৰত-চীন যুদ্ধৰ সময়ত চীনাপন্থী বুলি ৰাভাক আকৌ বন্দী কৰি ন মাহৰ বাবে জেললৈ পঠোৱা হয়। ১৯৬৭ চনত তেজপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰা ৰাভাই ১৯৬৮ চনত কোকৰাঝাৰ সমষ্টিৰ পৰা লোকসভাৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে থিয় হয় যদিও পৰাজয় বৰণ কৰে।

১৯৬৯ চনৰ ২০ জুন তাৰিখে নিশা ২-২৫ বজাত তেজপুৰত মৃত্যুক সাবটি লয় ৰাভাদেৱে। এইগৰাকী বিপ্লৱী শিল্পীৰ আজিৰ মৃত্যু তিথিত সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাক স্মৰণ ৰাজ্যবাসীৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চৰকাৰী-বেচৰকাৰী ভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান, দল-সংগঠনসমূহে গ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচী। অসম চৰকাৰৰ উপৰিও সদৌ অসম ছাত্ৰ সন্থা, ভাৰতীয় জনতা পাৰ্টি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে আদি কৰি একাধিক সংগঠনে দিনজোৰা কাৰ্যসূচীৰে পালন কৰিছে ৰাভা দিৱস।

আজিৰ এই দিনটোত ঠায়ে ঠায়ে বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ আধাৰত গীত, নৃত্য, ৰচনা, চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰি ৰাজ্যজুৰি পালন কৰা হৈছে ৰাভা দিৱস। আজিৰ এই পবিত্ৰ দিনটোত ৰাভাদেৱৰ কালজয়ী গীতসমূহেৰে মুখৰিত হৈছে সমগ্ৰ ৰাজ্য।

অসমী আইৰ সুযোগ্য সন্তান কবি,সাহিত্যিক,নাট্যকাৰ, প্ৰখ্যাত সংগীতজ্ঞ,অভিনেতা,নৃত্যশিল্পী,সুনিপুণ চিত্রকাৰ, বিচক্ষণ ৰাজনীতিজ্ঞ,সুদক্ষ খেলুৱৈ আৰু নিৰ্ভীক মুক্তিযোদ্ধা,বিপ্লৱী গণশিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ তেখেতৰ মৃত্যুবাৰ্ষিকীৰ এই পৱিত্ৰ ক্ষণত আমিও যাচিলোঁ সশ্ৰদ্ধ প্ৰণাম।