Miscreants Allegedly Attack AASU Leader : মহানগৰীৰ মাজ-মজিয়াত আছু নেতাক আক্ৰমণ দুৰ্বৃত্তৰ

নিউজ ডেস্ক,১৬জুন : গুৱাহাটী মহানগৰীৰ মাজমজিয়াত চাঞ্চল্যকৰ ঘটনা মহানগৰীৰ মাজ-মজিয়াত আছু নেতাক আক্ৰমণ দুৰ্বৃত্ত দলৰ। এইবাৰ মহানগৰীৰ মাজ-মজিয়াত দুৰ্বৃত্তৰ আক্ৰমণ কাহিলীপাৰা আছুৰ উপদেষ্টা দিব্যজ্যোতি বৰ্মন(Miscreants Allegedly Attack AASU Leader in Guwahati)।
দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত কাহিলীপাৰা আছুৰ উপদেষ্টা দিব্যজ্যোতি বৰ্মন। বৰ্তমান হায়াট হস্পাতালত চিকিতসাধীন হৈ আছে আছু নেতাগৰাকী।
প্ৰাপ্ত খবৰ অনুসৰি, কাহিলীপাৰা দশম আৰক্ষী বেটিলিয়ন কলনীৰ সমীপতে দুৰ্বৃত্তই আক্ৰমণ চলাই আছু নেতাগৰাকীক। এই আক্ৰমণকাৰী দলটোত আছিল ৩গৰাকী লোক। ঘৰলৈ খোজ কাঢ়ি গৈ থকাৰ সময়তে প্ৰথমে তৰ্কাতকি আৰু পিছত ইটাৰে আক্ৰমণ কৰে আছু নেতাগৰাকীক। ঘটনা সন্দৰ্ভত ভগদত্তপুৰ থানাত এজাহাৰ কৰিছে দিব্যজ্যোতিৰ পৰিয়ালে(Miscreants Allegedly Attack AASU Leader)।