Local, Vocal, Global

Mysterious Death of Assam Youth : আদবাটত উদ্ধাৰ কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজলৈ যোৱা যুৱকৰ ৰক্তাক্ত মৃতদেহ

নিউজ ডেস্ক,১৫জুন : প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।

ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ৷

উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে(Mysterious Death of Assam Youth) ।

কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে ৷

প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা(Mysterious Death of Assam Youth) ।

পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ । বহিঃৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ মৃত্যু বান্দৰশ্ৰী গাঁৱৰ যুৱকৰ। আদবাটত উদ্ধাৰ কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজলৈ যোৱা যুৱকৰ ৰক্তাক্ত মৃতদেহ ।

জানিব পৰা মতে, কামৰ সন্ধানত মঙলবাৰে বেংগালুৰুলৈ ৰে’লেৰে ৰাওঁনা হৈছিল দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত বান্দৰশ্ৰী গাঁৱৰ চাৰিজনকৈ যুৱক৷ চাৰিজন যুৱকৰ দলটোৰ তিনি যুৱক আছিল এটা ডবাত আৰু আন এটা ডবাত আছিল আন এজন যুৱক ।

শুকুৰবাৰে পুৱা তিনি যুৱক গন্তব্যস্থানত গৈ উপস্থিত হয় যদিও সেইস্থানত উপস্থিত নহ’ল টমাছ বসুমতাৰী৷ বহু বিচাৰ খোচাৰ কৰিও তিনি সতীৰ্থই কোনো সন্ধান নাপালে টমাছ বসুমতাৰীৰ ৷ তেনেতে আজি পুৱাই দুধনৈ থানালৈ খৱৰ আহিল অন্ধ্ৰপ্ৰদেশৰ গুন্তুৰ জিলাৰ টেনালি ৰে’ল ষ্টেচনৰ সমীপত উদ্ধাৰ হৈছে টমাছৰ মৃতদেহ৷ মৃতদেহত আছে বহু আঘাতৰ চিন ৷ খবৰ পোৱা মাত্ৰকে হাহাকাৰ লাগিল পৰিয়ালটোত ৷ যুৱকজনৰ মৃত্যু সহজভাৱে ল’ব পৰা নাই পৰিয়াল তথা গাওঁবাসীয়ে ৷

ইফালে যুৱকজনৰ মৃতদেহ আনিবলৈও অসমৰ্থ দৰিদ্ৰ পিতৃ-মাতৃ ৷ শেষ বাৰৰ বাবে টমাছৰ মুখখন চাবলৈ মৃতদেহটো অনাৰ ব্যৱস্থা কৰিবলৈ গোৱালপাৰা প্ৰশাসনৰ লগতে চৰকাৰক আহ্বান জনাইছে টমাছৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে, কিছু দিন পূৰ্বে গোৱালপাৰা জিলাৰে মাটিয়াৰ এগৰাকী যুৱকেও এনেদৰে ৰহস্যজনকভাৱে মৃত্যুক আকোঁৱালি লৈছিল ৷

লগতে পঢ়ক : Assam police Jawan died in Road accident : স্কুটী আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত অসম আৰক্ষী বেটেলিয়নৰ জোৱান