Local, Vocal, Global

Poor condition of Road : যাতায়ত ব্যৱস্থা উন্নয়ন মাপকাঠী; কিন্তু কিছুমান অঞ্চল্যৰ যাতায়ত ব্যৱস্থা দেখিলে সহজতে অনুমান কৰিব পাৰি ৰাজ্যত প্ৰকৃতাৰ্থত কিমান উন্নয়ন হৈছে?

জামুগুৰিহাট,১৫জুন : ৰাজ্য চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাইছে ৰঙাপৰাৰ এটি পথে । ৰাইজে নিজে শ্ৰমদান কৰি মেৰামতি কৰিব লগা হৈছে পথ।

শোনিতপুৰৰ ৰঙাপৰাত এটা পথ ৰাইজে নিজে শ্ৰমদান কৰি মেৰামতি কৰিব লগা হোৱা ঘটনাই ৰাজ্য চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাই দিছে৷

আজি স্হানীয় ৰাইজে নিজেই মেৰামতি কৰিবলৈ বাধ্য হোৱা উক্ত পথচোৱা পকীকৰণ আৰু বৰষুণৰ পানী নিষ্কাসনৰ বাবে দুয়োকাষে পকীৰ নলা নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰ আৰু গাঁও পঞ্চায়তখনক বাৰম্বাৰ দাবী জনাই আহিছিল যদিও আজিলৈকে সুফল লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈছে(poor conditions of road )।

যাৰ ফলত স্থানীয় ৰাইজে গাঁঠিৰ ধন ভাঙি আৰু শ্রমদানেৰে পথচোৱা মেৰামতি কৰিবলৈ বাধ্য হয়। ৰাজ্যখনত গ্ৰামাঞ্চলৰ সকলো পথৰ উন্নয়ন তথা পকীকৰন সম্পুৰ্ন হোৱা বুলি বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ খনে ঢাক-ঢোল বজাই আহিছে যদিও ৰঙাপৰাৰ নামনিগাঁৱৰ প্ৰায় ১০০ মিটাৰ দৈৰ্ঘ্যৰ পথচোৱা আজিলৈ নহ’ল পকীকৰন।

স্থানীয় জনপ্রতিনিধি আৰু গাঁও পঞ্চায়তখনলৈ আশা পালি ৰৈ নাথাকি পুৰুষ-মহিলা আৰু ডেকা গাভৰু সকলোৱে হাতে হাতে কোৰ, বেলচা, টুকুৰী লৈ ওলাই আজি পথচোৱা মেৰামতি কৰিবলৈ হতেকামে লাগি পৰা দেখা গল। যি দৃশ্যই ৰাজ্য চৰকাৰখনৰ উন্নয়নৰ ফোপোলা স্বৰূপটো পুনৰবাৰ উদঙাই দিছে বুলি ৰাইজে মন্তব্য কৰিছে।

উল্লেখ্য যে ৰঙাপৰাৰ ৰেলৱে লেভেল ক্ৰছিঙৰ পৰা নামনিগাঁওলৈ যোৱা পথচোৱাৰ সৈতে সংযোগ থকা এটা পথৰ নহ’ল উন্নয়ন ৷ পথচোৱা বাৰিষাৰ কালত বোকাময় আৰু কৃত্রিম বানপানীৰ সৃষ্টি হয়। যাৰ ফলত ৰাইজ তথা ছাত্র-ছাত্রীসকলে অহা-যোৱা কৰাৰ ক্ষেত্ৰত চৰম দুর্ভোগ ভূগিবলগীয়া হয়। পথচোৱা দীঘদিন ধৰি মেৰামতি নোহোৱাৰ ফলত ৰাইজে বোকা-পানী গছকি অহা-যোৱা কৰাৰ পাছতো পাঁচটা বছৰে নামনিগাঁও গাঁও পঞ্চায়তৰ জনপ্রতিনিধি সকলৰ দৃষ্টি নপৰিল। গাঁও পঞ্চায়তৰ জনপ্রতিনিধি সকলে প্ৰায় ১০০ মিটাৰ দৈৰ্ঘ্যৰ পথচোৱাত এপাচি শিল-বালি পেলাবলৈ আঁহৰি নাপালে। পথচোৱা নিৰ্মাণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনে কি পদক্ষেপ গ্ৰহণ কৰে সেইয়া সময়ত হ’ব অতি লক্ষ্যণীয়।

লগতে পঢ়ক : Mysterious Death of Assam Youth : আদবাটত উদ্ধাৰ কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজলৈ যোৱা যুৱকৰ ৰক্তাক্ত মৃতদেহ