Local, Vocal, Global

Assam police Jawan died in Road accident : স্কুটী আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত অসম আৰক্ষী বেটেলিয়নৰ জোৱান

নিউজ ডেস্ক,১৫জুন : স্কুটী আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ । নিহত অসম আৰক্ষী বেটেলিয়নৰ এজন জোৱান(Assam police Jawan died in Road accident ) ।

ঢকুৱাখনা কোঁৱৰ গাঁৱৰ ‘সৃষ্টি নাৰ্চাৰী’ৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা।

জানিব পৰা মতে, ওদালগুৰি জিলাত কৰ্মৰত জোৱানজনে চুটি লৈ আহি ঘৰত থকাৰ সময়তে বৃহস্পতিবাৰে নিশা স্কুটী লৈ ঘৰৰ পৰা ওলাই এক ফাৰ্লংমানলৈ গৈছিল । সেই সময়তে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটি হয় । ঢকুৱাখনা নগৰৰ দিশৰ পৰা যোৱা AS 02AM 1466 নম্বৰৰ Yesdi বাইকখনে প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলতে জোৱানজন থিতাতে নিহত হয়। নিহত জোৱানজন ঢকুৱাখনা কোঁৱৰ গাঁৱৰ কাকুল কোঁৱৰ (৩৭)।

ইফালে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰা Yesdi বাইকৰ আৰোহী দুজনৰ অৱস্থা সংকটজনক । আহত যুৱক দুজন ঢকুৱাখনা চৈগুৰি গাঁৱৰ ক্ৰমে কুশল দুৱৰী আৰু বাবুল বৰগোহাঁইৰ । এই দুজন যুৱক অসম আৰক্ষীত কৰ্মৰত আছিল(Assam police Jawan died in Road accident in Lakhimpur)।

আহত যুৱক দুজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়। বৰ্তমান মৃত কাকুলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে উত্তৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক : Uttarakhand Accident: অলকানন্দা নদীত বাগৰি পৰিল যাত্ৰীভৰ্তি ট্ৰেভেলাৰ বাহন;নিহত ১০জন,আহত ১৩জন