Local, Vocal, Global

Uttarakhand Accident: অলকানন্দা নদীত বাগৰি পৰিল যাত্ৰীভৰ্তি ট্ৰেভেলাৰ বাহন;নিহত ১০জন,আহত ১৩জন

নেশ্যনেল ডেস্ক,১৫জুন : এক মৰ্মান্তিক দুৰ্ঘটনা । নিহত ১০জনকৈ যাত্ৰী(Uttarakhand Accident) ।

উত্তৰাখণ্ডত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা।শনিবাৰে উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ বদ্ৰীনাথ ঘাইপথত এখন ট্ৰেভেলাৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই অলকানন্দা নদীত বাগৰি পৰে।ফলত নিহত ১০জনতকৈ অধিক লোকৰ।

জানিব পৰামতে দুৰ্ঘটনাগ্ৰস্ত বাহনখন শুকুৰবাৰে নিশা প্ৰায় ১১বজাত দিল্লীৰ পৰা চোপ্টালৈ গৈ আছিল।২৩জন যাত্ৰীৰে গৈ আছিল বাহনখন । এই ঘটনাটো ইমানে ভয়ংকৰ আছিল যে, ১৩জন যাত্ৰী গুৰুতৰভাৱে আহত হোৱাৰ লগতে নিহত হয় ১০জনকৈ যাত্ৰী(10 Dead As Tempo Traveller With 23 People Falls Into Gorge In Uttarakhand) ।

এই ভয়ংকৰ দুৰ্ঘটনাৰ পাছতেই ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে ৷ ঘটনাস্থলীত আৰক্ষীৰ লগতে জিলা দুৰ্যোগ ব্যৱস্থাপনা, এছডিআৰএফৰ বাহিনী উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু আহত যাত্ৰীসকলক ততাতৈয়াকৈ বিমানযোগে ঋষিকেশলৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক : Train accident at Silchar : চিনাক্ত হোৱা নাই তাৰাপুৰ ৰে’ল ষ্টেচনত ৰে’লৰ খুন্দাত নিহত হোৱা যুৱকজন পৰিচয়