Local, Vocal, Global

Train accident at Silchar : চিনাক্ত হোৱা নাই তাৰাপুৰ ৰে’ল ষ্টেচনত ৰে’লৰ খুন্দাত নিহত হোৱা যুৱকজন পৰিচয়

নিউজ ডেস্ক,১৫জুন : বৰ্তমানলৈ চিনাক্ত হোৱা নাই তাৰাপুৰ ৰে’ল ষ্টেচনত ৰে’লৰ খুন্দাত নিহত হোৱা যুৱকজন পৰিচয় ।

উল্লেখ্য যে, শিলচৰ তাৰাপুৰ ৰে’ল ষ্টেচনত সংঘটিত হৈছিল এক মৰ্মান্তিক দুৰ্ঘটনা । শনিবাৰে শিলচৰ তাৰাপুৰ ৰে’ল ষ্টেচনত ৰে’লৰ খুন্দাত নিহত হৈছিল এজন যুৱক । ৰে’ল লাইনৰ মাজেৰে খোজকাঢ়ি গৈ থকা সময়ত শিলচৰ – মহিশাসন যাত্ৰীবাহী ৰে’লৰ খুন্দাত থিতাতে নিহত হৈছিল যুৱকজন(Train accident at Silchar)।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে স্থানীয় লোকে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় ৰে’ল আৰক্ষী ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত কৰে আৰু মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতালয়লৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক : Ambubachi Mela 2024 : সমাগত অম্বুবাচী মেলা; অম্বুবাচী মেলা উপলক্ষে তৎপৰ অসম আৰক্ষী তথা প্ৰশাসনhttps://mynewsne.com/ambubachi-mela-2024-2/