Local, Vocal, Global

Woman Finds ‘Human Finger’ In Ice Cream Ordered Online : অনলাইনযোগে অৰ্ডাৰ দিয়া আইচক্ৰীমত ওলাল মানুহৰ আঙুলি

নিউজ ডেস্ক,১৩জুন : গৰমত আইচ ক্ৰীমৰ সোৱাদ লব’লৈ সকলোৱে পছন্দ কৰে । কিন্তু গৰমৰ দিনত আইচক্ৰীম খাওতেই সাৱধান হওক । কিয়নো মুম্বাইত শেহতীয়াকৈ সংঘটিত হৈছে আচৰিত ঘটনা।

অনলাইনযোগে অৰ্ডাৰ দিয়া আইচক্ৰীমত ওলাল মানুহৰ আঙুলি। মুম্বাইৰ মালাদ অঞ্চলৰ এগৰাকী মহিলাই অৰ্ডাৰ দিছিল আইচক্ৰীমৰ। কিন্তু যেতিয়া আইচক্ৰীমটো খুলে, দেখা পায় মানুহৰ এটা কটা আঙুলি।

ইতিমধ্যেই মহিলাগৰাকী আইচক্ৰীমটোৰ আধাখিনি খাইছিলেই। হঠাৎ আইচক্ৰীমটোত কিবা এটা থকা যেন অনুভৱ কৰে মহিলাগৰাকীয়ে। তাৰ পাছতে চাওতে ওলাল ওৰহি গছৰ ওৰ। আইচক্ৰীমটোৰ ভিতৰত আছিল এটা কটা আঙুলি। লগে লগে মানুহগৰাকী আচম্বিত হৈ পৰে এই ঘটনাত। কিয়নো ভাৱিব নোৱাৰা এটা ঘটনা। মহিলাগৰাকীয়ে আৰক্ষীক অৱগত কৰায় এই কথা(Woman Finds ‘Human Finger’ In Ice Cream Ordered Online)।

আৰক্ষীয় আইচক্ৰীমটো সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে দেশজুৰি।

ইতিমধ্যে নিৰ্দিষ্ট আইচক্ৰীম কোম্পানীটোৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইফালে কটা আঙুলিৰ টুকুৰাটো পৰীক্ষাৰ বাবে ফৰেনচিকলৈ প্ৰেৰণ কৰিছে।

লগতে পঢ়ক : Massive fire breaks out at Cachar : বিধ্বংসী অগ্নিকাণ্ড; অগ্নিকাণ্ডত ভস্মীভূত কেইবা লাখ টকাৰ সম্পত্তি