Local, Vocal, Global

Elephant menace in Mariani : মৰিয়নীত বন্যহস্তীৰ ত্ৰাসত কম্পিত কৃষক ৰাইজ;ভাঙি লণ্ডভণ্ড বাসগৃহ,সা-সামগ্ৰী

নিউজ ডেস্ক, ১৩জুন : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা শুনিবলৈ পোৱা যায়। নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে ।

খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে(Elephant menace in Mariani) ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ হাতীৰ আক্ৰমত ইতিমধ্যে বহুতো লোকৰ মৃত্যু ঘটিছে ৷ হাতীৰ উপদ্ৰৱত শংকিত আৰু অতিষ্ঠ হৈছে ৰাইজ ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে মৰিয়নীত বন্যহস্তীৰ ত্ৰাসত কম্পিত কৃষক ৰাইজ ।

মৰিয়নী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত কঠালগুৰি চাহ বাগিচাৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীয়ে তাণ্ডৱ চলোৱাৰ লগতে বিস্তৰ ক্ষতিসাধন কৰে আৰু বাগিচাখনৰ ৮ নং লাইনৰ মহেন্দ্ৰ মণ্ডলৰ বাসগৃহটো ভাঙি লণ্ডভণ্ড কৰি সকলো বয়-বস্তু নষ্ট কৰে ।

বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় দুই বজাত মৰিয়নী হোলোঙাপাৰাৰ গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহি প্ৰথমতে মহেন্দ্ৰ মণ্ডলৰ বাসগৃহৰ লগতে অন্য কেবাটাও বাসগৃহত বন্যহস্তীয়ে তাণ্ডৱ চলাই সকলো সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰে । আনহাতে বন্যহস্তীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে মহেন্দ্ৰ মণ্ডল আৰু তেওঁ পত্নীৰ ।

বনহস্তীয়ে বাসগৃহটো ভাঙি পেলোৱাৰ পিচত দৰিদ্ৰ পৰিয়ালটো খাদ্য-বাসস্থানৰ বাবে গভীৰ সংকটত পৰিছে । ইতিমধ্যে ঘটনাস্থলীত মৰিয়নী বন বিভাগৰ দল উপস্থিত হৈ সমগ্ৰ পৰিৱেশ পৰ্যবেক্ষণ কৰাৰ লগতে বন্যহস্তীক পুনৰ বনাঞ্চললৈ ঘূৰাই পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হোৱা নাই ৷ ইফালে বন বিভাগৰ দলটো ঘটনাস্থলীত বহু পলমকৈ উপস্থিত হোৱাৰ অভিযোগো উত্থাপিত হৈছে ।

উল্লেখ্য যে বিগত সময়ছোৱাত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি বন্যহস্তীৰ জাকে তাণ্ডৱ চলাই আহিছে ।

লগতে পঢ়ক : Woman goes missing : ধেমাজিৰ পৰা নিৰুদ্দেশ জোনা দাস নামৰ এগৰাকী মূকবধিৰ মহিলা