Local, Vocal, Global

Woman goes missing : ধেমাজিৰ পৰা নিৰুদ্দেশ জোনা দাস নামৰ এগৰাকী মূকবধিৰ মহিলা

নিউজ ডেস্ক,১৩জুন : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য(Woman goes missing)।

ধেমাজিৰ টঙনাপৰা কৈৱৰ্ত গাঁৱৰ পৰা এগৰাকী মূকবধিৰ মহিলা নিৰুদ্দেশ। বিগত ৪ দিন ধৰি সন্ধানহীন ধেমাজিৰ জোনা দাস নামৰ এগৰাকী মহিলা । প্ৰাক্তন পঞ্চায়ত সদস্যা চুমী দাস আৰু স্বামী বাহাদুৰ দাসৰ বিৰুদ্ধে অপহৰণৰ অভিযোগ জোনা দাসৰ মাতৃৰ।

২০২৩ বৰ্ষত জোনা দাসক বাহাদুৰ দাসে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ধেমাজি আদালতত চলি আছে এটা গোচৰ। গোচৰ উঠাই নোলোৱাৰ বাবেই মহিলাগৰাকীক অপহৰণ কৰাৰ অভিযোগ চুমী দাস আৰু বাহাদুৰ দাসৰ বিৰুদ্ধে।

লগতে পঢ়ক : Dhakuakhana Murder Investigations Underway : ১৩ দিন উকলি যোৱাৰ পিছতে কোনো ধৰণৰ সন্ধান পোৱা নাই সুনীল গগৈৰ হত্যাকাৰীৰ