Tragic Accident in Rangia : ডিভাইডাৰত খুন্দা বিদ্যুৎ বিভাগৰ বলেৰ’অ পিকাপ ভানৰ;নিহত এজন, আহত দুজন

নিউজ ডেস্ক,১৩জুন : ভয়ংকৰ পথ দুৰ্ঘটনা । নিহত এজন, আহত দুজন ।
ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানাত ভয়ংকৰ পথ দুৰ্ঘটনা । এৰাল দিয়া গৰুক বচাবলৈ গৈ ডিভাইডাৰত খুন্দা বিদ্যুৎ বিভাগৰ বলেৰ’অ পিকাপ ভানৰ ।ফলত থিতাতে এজন নিহত হোৱাৰ লগতে গুৰুতৰ ভাৱে আহত হয় আন এজনৰ ।
ঘটনা বিৱৰণী অনুসৰি, গুৱাহাটী দিশৰ পৰা ৰঙিয়া অভিমুখে তীব্ৰগতিত বিদ্যুত বিভাগৰ AS25DC 5729 নম্বৰৰ বলেৰ’অ পিকাপ ভান এখন গৈ আছিল । সেই সময়তে বাহনখন মৰাণজানা পোৱাত এৰাল দিয়া দুটা গৰু পথ অতিক্ৰম কৰিবলৈ লয় । মূহুৰ্ততে চালকে গৰু দুটা বচাবলৈ গৈ পথৰ ডিভাইডাৰত খুন্দা মাৰে(Tragic Accident in Rangia ) ।
ডিভাইডাৰত খুন্দা মৰাৰ লগে লগে বাহন খনৰ পিচফালে থকা তিনিজন শ্ৰমিক চিটিকি পৰে আৰু শ্ৰমিক তিনিজনৰ ওপৰৰে পাৰ হৈ যায় ।ফলত থিতাতে এজন শ্ৰমিক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় দুজন শ্ৰমিক । আহত শ্ৰমিক দুজনৰ এজনৰ অৱস্থা সংকটজনক(Tragic Accident in Rangia ) ।
বৰ্তমানলৈ শ্ৰমিক কেইজনৰ পৰিচয় জানিব পৰা হোৱা নাই ।
এই ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হয় আৰু মৃতদেহটো থানালৈ লৈ যায় । ইফালে ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজৰ সহযোগত আহত দুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।