Local, Vocal, Global

Dhakuakhana Murder Investigations Underway : ১৩ দিন উকলি যোৱাৰ পিছতে কোনো ধৰণৰ সন্ধান পোৱা নাই সুনীল গগৈৰ হত্যাকাৰীৰ

নিউজ ডেস্ক,১৩জুন : ১৩ দিন উকলি যোৱাৰ পিছতে কোনো ধৰণৰ সন্ধান পোৱা নাই সুনীল গগৈৰ হত্যাকাৰীৰ।

আৰক্ষীয়ে জোৰদাৰ অভিযান অব্যাহত ৰাখিছে যদিও এইপৰ্যন্ত কোনো ক্লু উলিয়াব পৰা নাই ।

ঢকুৱাখনা সদৰ থানাৰ সাপতিয়া চেতিয়া গাঁৱৰ সুনীল গগৈ পাশৱিক হত্যাকাণ্ডৰ বৃহস্পতিবাৰে ১৩টা দিনত ভৰি দিলে। সমগ্ৰ অসম কঁপাই যোৱা সুনীল গগৈ হত্যাকাণ্ডৰ জঘন্যতা আৰু দানৱতা প্ৰত্যক্ষ কৰি স্তম্ভিত হৈছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং(Dhakuakhana Murder Investigations Underway)।

এগৰাকী সৎ, নিষ্ঠাবান ,পৰোপকাৰী ব্যক্তিৰ এই নিৰ্মম হত্যাকাণ্ডৰ ১৩টা দিন উকলাৰ পাছতো হত্যাকাৰীক চিনাক্ত কৰা কিম্বা ঘাটকে শিৰচ্ছেদ কৰি লৈ যোৱা গগৈৰ মূৰ উদ্ধাৰ কৰিবলৈ সক্ষম নহল অসম আৰক্ষী।

সুনীল গগৈৰ দুৰ্ভগীয়া পৰিয়ালে আশা কৰিছিল পৰম্পৰাগতভাৱে অনুষ্ঠিত হ’বলগা দহাৰ পূৰ্বে ঘৰখনৰ একমাত্ৰ মুৰব্বীজনৰ বিছিন্ন মুণ্ড উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব আৰক্ষী। কিন্তু এই অন্তিম ইচ্ছা পূৰণ কৰিবলৈ নির্লজভাৱে সক্ষম নহ’ল আৰক্ষী। এনে মৰ্মান্তিক আশাকো অৱশেষত জলাঞ্জলি দি সোমবাৰে মৃতকৰ ঘৰত অনুষ্ঠিত কৰা হয় দহা অনুষ্ঠান।

সোমবাৰে পুৱাই ভকত বৈষ্ণৱ ৰাইজ মৃতকৰ ঘৰত উপস্থিত হৈ এই মাংগলিক কাৰ্য আৰম্ভ কৰে। আত্মীয় স্বজন, অগণন গুণগ্ৰাহী আৰু শুভাকাংক্ষীযে অশ্ৰুসিক্ত নয়নেৰে পুৱাই উপস্থিত হৈ হত্যাকাণ্ড স্থলীত চাকি বন্তি জ্বলাই মৃতকৰ আত্মাৰ স্বৰ্গ সুখ প্ৰাপ্তি কামনাৰে প্ৰাৰ্থনা জনাই। নিষ্ঠুৰ ঘাটক আৰু এই পাশৱিক কাণ্ডত জড়িত সকলোৱে এনে অৱৰ্ণনীয় যন্ত্ৰণাত ভোগাৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায়।

উল্লেখ্য যে, বিগত ১ জুনৰ নিশা তেওঁক ঘৰৰ পৰা কিছু নিলগতে দুৰ্বৃত্তই হত্যা কৰি মুণ্ড কাটি লৈ যোৱাৰ উপৰিও মৃতদেহটো জ্বলাই দিয়ে । এই ভয়ংকৰ ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য । আৰক্ষী বিভাগৰ শীর্ষ বিষয়া, ফৰেনচিক, চিআইডি আদিৰ দলে অহৰহ ঘটনা স্থলীত তন্ন তন্নকৈ পৰীক্ষা কৰি ছিন্ন মুণ্ডৰ সন্ধান কৰাৰ লগতে হত্যাকাৰীৰ অনুসন্ধান কৰি আছে । কিন্তু হাতত একোৱে পৰা নাই ৷

আৰক্ষী বিভাগৰ তৰফৰ পৰা হত্যাকাৰীৰ সন্ধান দিওতালৈ পুৰস্কাৰ ঘোষণা কৰি জাননী জাৰি কৰাৰ উপৰিও দহজনৰো অধিক লোকক সোধপোচ কৰিছে । তথাপিও এই পৰ্যন্ত ঘাটকৰ সন্ধান উলিয়াব পৰা নাই অনুসন্ধানকাৰী আৰক্ষী অথবা চিআইডিয়ে ।

সুনীল গগৈৰ হত্যা সন্দৰ্ভত থানাত ৰুজু হোৱা ৩৯/২০২৪ নম্বৰৰ আৰু ১২০(বি) /৩০২/২০১/৩৪ ধাৰাৰ গোচৰটোত এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে । ঘটনাটোৰ পাচৰে পৰা আৰক্ষী, চিআইডি, ফৰেনচিকৰ দলে অভিযান চলাই আছে ।

অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক সুধাকৰ সিং, চিআইডিৰ সঞ্চালক-সংযুক্তা পৰাশৰৰ লগতে ফৰেনচিক বিশেষজ্ঞৰ দল গুৱাহাটীৰ পৰা আহি লখিমপুৰত উপস্থিত হৈ ঘটনাৰ তদন্ত কৰিছে । তদন্তকাৰী দলটোৱে স্নীফাৰ ডগৰ জৰিয়তেও ঘটনাস্থলীত তদন্ত চলাইছে ৷ লগতে চোমণিৰ মাজৰ পৰা সুনীল গগৈৰ অৰ্ধদগ্ধ মৃতদেহৰ ওচৰত পোৱা বিভিন্ন নমুনা সংগ্ৰহ কৰিছে ফৰেনচিক বিশেষজ্ঞৰ দলে ।

শেহতীয়াকৈ গুজৰাটৰ এগৰাকী ফৰেনচিক বিশেষজ্ঞ আহিও নমুনা সংগ্ৰহ কৰি নিছে । আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙেও ঘটনাস্থলীলৈ গৈ সকলো বিষয় পৰীক্ষী কৰিছে ৷ ৰাজ্য জোকাৰি যোৱা এই ঘটনাৰ লগত জড়িত অপৰাধীক চিনাক্ত কৰিবলৈ সকলো ব্যৱস্থাই কৰিছে আৰক্ষী, চিআইডিয়ে ।

তথাপিও কিন্তু ঘটনাৰ ১২ দিন উকলি যোৱাৰ পাচতো ছিন্ন মুণ্ড অথবা হত্যাকাৰী সন্ধান আৰক্ষীয়ে লাভ কৰা নাই । সাধাৰণ ৰাইজে এই নৃশংস হত্যাকাণ্ডৰ ঘাটকক বিচাৰি উলিয়াই শীঘ্ৰে দৃষ্টান্তমূলক শাস্তি দিয়াৰ আহ্বান জনাইছে ।

লগতে পঢ়ক : Tragic Accident in Rangia : ডিভাইডাৰত খুন্দা বিদ্যুৎ বিভাগৰ বলেৰ’অ পিকাপ ভানৰ;নিহত এজন, আহত দুজন