Local, Vocal, Global

Drugs peddler arrested along with drugs : বদৰপুৰত জব্দ ৬৬ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী; আটক তিনিজন

নিউজ ডেস্ক,১২জুন : বদৰপুৰ থানাৰ অন্তৰ্গত লামাজুৱাৰ অঞ্চলত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। বুধবাৰে সন্ধিয়াই ডি আই জি পাৰ্থসাৰথি মহন্ত আৰু আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসৰ নেতৃত্বত এছ টি এফ আৰু কৰিমগঞ্জ আৰক্ষীৰ যৌথ অভিযান চলাই । অভিযানত আৰক্ষীয়ে বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে।জব্দকৃত সামগ্ৰীখিনিৰ মূল্য প্ৰায় ৬৬ কোটি টকা(Drugs peddler arrested along with drugs)।

জানিব পৰা মতে, আৰক্ষীয়ে বলেৰ’ কেম্পাৰ বাহনখনৰ বেকলাইট দুটাৰ গোপন স্থানৰ পৰা ২,২০,০০০ ইয়াবা টেবলেট জব্দ কৰা লগতে পঞ্জীয়ন নম্বৰ নথকা বলেৰ’ কেম্পাৰ বাহনখনো জব্দ কৰে। ঘটনা সন্দৰ্ভত ত্ৰিপুৰাৰ ৩ জন লোকক আটক কৰে আৰক্ষীয়ে। লোক কেইজন ক্ৰমে- বাহন চালক খাইৰুল হুছেইন, মামন মিয়া, নবিৰ হুছেইন।

লগতে পঢ়ক : In dilemma on whether to retain Wayanad or Rae Bareli Lok Sabha seat : ৱায়ানাড নে ৰায়বৰেলী? চূড়ান্ত সিদ্ধান্তত উপনীত হোৱাত বিমোৰত ৰাহুল গান্ধী