Local, Vocal, Global

Road Accident in Jagiroad : জাগীৰোডৰ ৰে’লৱে উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনা

নিউজ ডেস্ক,২৮মে’ : জাগীৰোডৰ ৰে’লৱে উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনা৷ সোমবাৰে নিশা ৰে’লৱে উৰণসেতুত ইণ্ডিগ’ বাহন আৰু মালবাহী বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। ফলত গুৰুতৰভাৱে আহত ৩জনকৈ লোক(Road Accident in Jagiroad) ।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ততাতৈয়াকৈ আহত লোকসকলৰ উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্রেৰণ কৰা হয় ।

ইফালে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।

মালবাহী বাহনখনৰ চালক সুৰাসক্ত অৱস্থাত গাড়ী চলোৱাৰ অভিযোগ উত্থাপন কৰিছে।

লগতে পঢ়ক : Sand mining at Boko : বকোত বালি মাফিয়াৰ দৌৰাত্ম্য;বালি মাফিয়াৰ আক্ৰমণত আহত যুৱক