Local, Vocal, Global

The tragic story of a poor family : আমগুৰিৰ এটা দুৰ্ভগীয়া পৰিয়াল

গেলেকী,২৭মে’: আমগুৰিৰ এটা দুৰ্ভগীয়া পৰিয়াল । এহাল দম্পতীৰ জীৱন প্ৰণালী দেখিলে আপোনাৰো চকুলো বৈ আহিব ।

যিসময়ত সকলোৱে উৎকট গৰমৰ পৰা সকাহ পাবলৈ একাংশই শীত-তাপ নিয়ন্ত্ৰণ যন্ত্ৰৰ বতাহ লৈ তৃপ্তি লৈছে, আন একাংশই ফেনৰ বতাহ লৈ গৰমৰ পৰা সকাহ লৈছে। তেনেসময়তে এই দুৰ্ভগীয়া দম্পতীটোৱে ঘৰৰ বাৰাণ্ডাত বহি বিচনীৰে উৎকট গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্ট চলাইছে।

কেৱল ইমানে নহয় এমুঠি অন্ন, এটুকুৰা বস্ত্ৰৰ বাবেও এই বৃদ্ধ দম্পতীহালে হাহাকাৰ কৰিব লগীয়া হৈছে। ওচৰ চুবুৰীয়াই কেতিয়াবা যদি এমুঠি অন্ন প্ৰদান কৰে তেতিয়াহে ভোক নিবাৰণ হয় দম্পতীহালৰ। নহ’লে ভোকে লঘোণে দিন পাৰ কৰিব লগাত পৰে এইহাল দম্পতীয়ে। হয়,আপুনি ঠিকেই শুনিছে এই দুৰ্ভগীয়া দম্পতী হাল হৈছে কণ্ঠি গগৈ আৰু চেনেহী গগৈ(The tragic story of a poor family)।

ঘৰ শিৱসাগৰ জিলাৰ আমগুৰিৰ বৰুৱাপুখুৰী পঞ্চায়তৰ অন্তৰ্গত খেজুৰীতল টিপমীয়া গাঁৱত। এই দম্পতীহালৰ ঘৰত প্ৰায়ে নজলে চৌকা। কাৰণ ৰান্ধিবলৈ ঘৰটোত নাথাকে একোৱেই সামগ্ৰী। যাৰ বাবে বহু কষ্টৰ মাজেৰে জীৱন অতিবাহিত কৰিছে এই দম্পতী হালে।

লগতে পঢ়ক : Rescue operation disrupted due to inclement weather in Patkai Hills : ভূ-গৰ্ভস্থ হোৱা তিনি শ্ৰমিকৰ সন্ধানত অভিযান অব্যাহত উদ্ধাৰকাৰী দলৰ