Drugs peddler arrested along with drugs : বোকাজানত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক দুটা সৰবৰাহকাৰী
নিউজ ডেস্ক,২৭মে’ : ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ।
ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ একাংশ সৰবৰাহকাৰীয়ে এতিয়াও আৰক্ষীৰ চকুত ধূলি ছটিয়াই ড্ৰাগছৰ অবাধ বেহা চলাই আছে(Drugs peddler arrested along with drugs) ৷
বোকাজানত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । অভিযানত ড্ৰাগছসহ আটক দুটা সৰবৰাহকাৰী।
জানিব পৰা মতে, বৰপথাৰ আৰক্ষীৰ শান্তিপুৰ নাকা তালাচীত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ। ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখী AS 31 F 2466 নম্বৰৰ বাহনখনৰ গোপন চেম্বাৰ সাজি লুকুৱাই আনিছিল ড্ৰাগছখিনি ।৪৫ টা পেকেটত উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ মূল্য প্ৰায় ১ কোটি টকা বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক : Road Accident In Karnataka : চাৰিচকীয়া বাহনখনৰ খুন্দা ডিভাইডাৰত;নিহত একেটা পৰিয়ালৰ ৬গৰাকীকৈ লোক