Heavy Rain Havoc Guwahati Damaging Roads : শুকুৰবাৰে নিশে গুৱাহাটী মহানগৰীত ধুমুহা বৰষুণৰ তাণ্ডৱ
নিউজ ডেস্ক,১৮মে’ : শুকুৰবাৰে নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণৰ তাণ্ডৱ । শুকুৰবাৰে নিশাৰ ভাগত ৰাজ্যৰ আন প্ৰান্তৰ লগতে গুৱাহাটীতো ধুমুহা বৰষুণে তাণ্ডৱ চলাই । শুকুৰবাৰে নিশা অহা ধুমুহা বৰষুণৰ ফলত মহানগৰীৰ গীতানগৰকে ধৰি নুনমাটি, চান্দমাৰিৰ বহু স্থানত গছ-গছনি ভাঙি পৰাৰ লগতে কেইবাটাও বাসগৃহো উৰুৱাই নিয়ে(Heavy Rain Havoc Guwahati Damaging Roads)।
ইফালে গীতানগৰ, বামুণীমৈদাম, নুনমাটিৰ বিভিন্ন অঞ্চলত গছ-গছনি ডাল-পাত ভাঙি পথৰ ওপৰতে বাগৰি পৰে। চান্দমাৰিৰ পৰা নুনমাটিৰ পথচোৱাৰ লগতে আন আন ঠাইতো কৃত্ৰিম বানপানীয়ে বাৰুকৈয়ে জুৰুলা কৰিলে পথাচাৰিক। পথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাত সৃষ্টি হোৱাৰ ফলত বাইক, স্কুটি সেই গাতত পৰি পানীৰ মাজতে বিকল হৈ পৰাৰ লগতে নানান সমস্যাৰ সৃষ্টি হয়।
লগতে পঢ়ক : Massive fire breaks out in Barhampur : বঢ়মপুৰৰ ১নং ঘোগৰগাঁৱত অগ্নিকাণ্ড