Gang of thieves busted in Guwahati : মহানগৰীত এতিয়া চিলনী চোৰৰ টিঘিল–ঘিলনি
নিউজ ডেস্ক,৪মে’ : ৰাজ্যজুৰি ইটোৰ পিচত সিটোকৈ চিলনী চোৰৰ ঘটনাই সকলোৰে চকু কপালত তুলিছে ৷ মহানগৰীত এতিয়া চিলনী চোৰৰ টিঘিল–ঘিলনি। চিলনী চোৰৰ প্ৰকোপ ইমানেই বৃদ্ধি পাইছে যে কোনো মহিলাই সোণৰ অলংকাৰ পিন্ধি পথত ওলাব নোৱাৰে।
এইবাৰ পূব-গুৱাহাটী আৰক্ষীৰ জালত চিলনী চোৰৰ গেং। মহানগৰীৰ ৰাজপথত সন্ত্ৰাস চলোৱা গেং আৰক্ষীৰ জালত(Gang of thieves busted in Guwahati)।
জানিব পৰা মতে, এই গেংটোৱে বহু লোকৰ মোবাইল, হেণ্ডবেগ থপিয়াই নিছিল। গেংটোত আছে ৰূপম আলী, দীপক বৰ্মন, ৰাহুল সূত্ৰধাৰ। চক্ৰটোৰ লগত জড়িত এগৰাকী মহিলাও। চুৰি কৰা মোবাইলসমূহ জমা দিয়ে নিশা বৰ্মন নামৰ মহিলাগৰাকীক।
শুকুৰবাৰে নিশা বৰ্মনে এই মোবাইলসমূহ জমা দিয়ে কুমাৰিকাটাৰ ৰাহুল দাসক। ৰাহুল দাসৰ কুমাৰিকাটাত আছে এখন মোবাইলৰ দোকান। চক্ৰটোৰ পৰা ৪৯টা চুৰি মোবাইল জব্দ কৰে আৰক্ষীয়ে।
লগতে পঢ়ক : Tragic Accident in Nagaon : তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে বাইক আৰোহীক;নিহত দুই যুৱক