Local, Vocal, Global

3 Indian nationals arrested in killing of Khalistan separatist Nijjar : হৰদীপ সিং নিজ্জাৰৰ হত্যাৰ সন্দেহত গ্ৰেপ্তাৰ ৩ ভাৰতীয় নাগৰিক

ইণ্টাৰনেশ্যনেল ডেস্ক,৪ মে’ : হৰদীপ সিং নিজ্জাৰৰ হত্যাকাণ্ডৰ সৈতে জড়িত তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি অভিযোগনামা দাখিল কানাডা আৰক্ষীৰ(3 Indian nationals arrested in killing of Khalistan separatist Nijjar) ।

কানাডাৰ সংবাদ সংস্থা ৱেবছাইট চিটিভি নিউজে প্ৰকাশ কৰা অনুসৰি আদালতৰ নথি অনুসৰি কৰণপ্ৰীত সিং (২৮), কমলপ্ৰীত সিং (২২) আৰু কৰণ ব্ৰাৰ (২২) প্ৰত্যেকৰে বিৰুদ্ধে উত্থাপন হৈছে এটাকৈ ফাৰ্ষ্ট ডিগ্ৰী মাৰ্ডাৰ আৰু এটাকৈ নিজ্জাৰৰ মৃত্যুৰ হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগ(3 Indian Nationals Arrested In Killing Of Hardeep Singh Nijjar ) ৷

জানিব পৰা মতে, এই অভিযোগ অৱশ্যে ভাৰতে বাৰে বাৰে অস্বীকাৰ কৰি আহিছে । ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কানাডাক অৱগত কৰিছিল যে ভাৰত চৰকাৰে নিজ্জাৰৰ হত্যাৰ দৰে এনে কাৰ্যত লিপ্ত হোৱাটো ভাৰত চৰকাৰৰ নীতি নহয় ৷ এক সংবাদমেলত আৰ চি এম পিৰ সহকাৰী আয়ুক্ত ডেভিদ টেবৌলে নিজ্জাৰ হত্যাকাণ্ডৰ তদন্তৰ সক্ৰিয় প্ৰকৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

টেবৌলে কয়, “নিজ্জাৰ হত্যাৰ লগত জড়িত থকাৰ অভিযোগত তিনিজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰি অভিযোগনামা দাখিল কৰা হৈছে ৷ প্ৰমাণৰ প্ৰকৃতিৰ ওপৰত আমি কোনো মন্তব্য দিব পৰা নাই ৷ নতুবা নিজ্জাৰক হত্যাৰ উদ্দেশ্যৰ আঁৰত আমি একো মন্তব্য দিব নোৱাৰো ৷ অৱশ্যে মই ক’ম এই বিষয়টোৰ তদন্ত অতি সক্ৰিয়ভাবে চলি আছে ।”

প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ভাৰত চৰকাৰ আৰু এই হত্যাকাণ্ডৰ মাজত সম্ভাব্য সম্পৰ্ক সন্দৰ্ভত চোৰাংচোৱা তদন্তৰ কথা প্ৰকাশ কৰাৰ পাচতে নিজ্জাৰ হত্যাকাণ্ডৰ ফলত কানাডা আৰু ভাৰতৰ মাজত কূটনৈতিক উত্তেজনাৰ সৃষ্টি হয় ।

চিটিভি নিউজে প্ৰকাশ কৰা অনুসৰি, নাগৰিক সুৰক্ষা মন্ত্ৰী ডমিনিক লেব্লাংকে ভাৰত চৰকাৰৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নিশ্চিত কৰাৰ পৰা বিৰত থাকি এনে অনুসন্ধান আৰচিএমপিলৈ নিৰ্দেশিত হ’ব লাগে বুলি দৃঢ়তাৰে কয় ।

লেব্লাংকে পুনৰ কয়, “কানাডা চৰকাৰৰ নিৰাপত্তা ব্যৱস্থা আৰু আৰ চি এম পিৰ কামৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আছে আৰু (কানাডাৰ) নিৰাপত্তা চোৰাংচোৱা সেৱাই কৰা কামৰ ওপৰতো মোৰ সম্পূৰ্ণ আস্থা আছে ।”

উল্লেখ্য যে, ২০২০ চনত ৰাষ্ট্ৰীয় তদন্ত সংস্থাই সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰা নিজ্জাৰক ২০২৩ চনৰ ১৮ জুনৰ সন্ধিয়া ব্ৰিটিছ কলম্বিয়াৰ ছাৰেৰ গুৰুদ্বাৰৰ পৰা ওলাই অহা অৱস্থাতে গুলীয়াই হত্যা কৰা হৈছিল । শেহতীয়াকৈ মাৰ্চ মাহত প্ৰকাশ পোৱা তেওঁৰ হত্যাৰ ভিডিঅ’টোত নিজ্জাৰক অস্ত্ৰধাৰী লোকে গুলীয়াই হত্যা কৰা দেখা গৈছে, যিটোক ‘চুক্তিবদ্ধ হত্যা’ বুলি অভিযোগ তোলা হৈছে।
এই হত্যাকাণ্ডৰ পাচতে দেশখনৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে অভিযোগ উত্থাপন কৰিছিল যে এই হত্যাকাণ্ডত ভাৰত চৰকাৰৰ হাত আছে ৷ অৱশ্যে এই দাবী ভাৰতে অস্বীকাৰ কৰিছিল আৰু ইয়াৰ ফলত কানাডা আৰু ভাৰতৰ কূটনৈতিক সম্পৰ্কৰ অৱনতি ঘটিছিল ।

লগতে পঢ়ক : Gang of thieves busted in Guwahati : মহানগৰীত এতিয়া চিলনী চোৰৰ টিঘিল–ঘিলনি