Local, Vocal, Global

HSLC exam result 2024 : হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে জিলিকিল নগাঁও জিলাৰ দেৱশ্ৰী কাশ্যপ

নিউজ ডেস্ক, ২০ এপ্ৰিল : ৰাজ্যত চলি আছে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ব্যাপক প্ৰস্তুতি । প্ৰথম পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনৰ পাছতে আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । শিক্ষা বিভাগে হঠাতে ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ।পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ লগে লগে ৰাজ্যত দেখা গৈছে ব্যাপক উছাহ (HSLC exam result 2024)।

শনিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৫ টা স্থানৰ ভিতৰত তৃতীয় স্থানত উজ্জলিল নগাঁও জিলাৰ দেৱশ্ৰী কাশ্যপ । সৰ্বমুঠ ৫৮৮ নম্বৰ পায় তৃতীয় স্থান দখল কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ দেৱশ্ৰী কাশ্যপে । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পাচতেই উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে নগাঁৱৰ ৰামানুজন চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ।

দেৱশ্ৰী কাশ্যপৰ এই সাফল্যত গৌৰৱান্ধিত হৈ পৰিছে নগাঁৱৰ ৰামানুজন চিনিয়ৰ ছেকেণ্ডাৰী স্কুল কৰ্তৃপক্ষৰ লগতে দেৱশ্ৰীৰ অভিভাৱক ৷

লগতে পঢ়ক : HSLC exam result 2024 : হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে জিলিকিল বিশ্বনাথৰ ঝৰ্ণা শইকীয়া