Local, Vocal, Global

HSLC exam result 2024 : হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে জিলিকিল বিশ্বনাথৰ ঝৰ্ণা শইকীয়া

নিউজ ডেস্ক, ২০ এপ্ৰিল : ৰাজ্যত চলি আছে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ব্যাপক প্ৰস্তুতি । প্ৰথম পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনৰ পাছতে আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । শিক্ষা বিভাগে হঠাতে ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ।পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ লগে লগে ৰাজ্যত দেখা গৈছে ব্যাপক উছাহ (HSLC exam result 2024)।

শনিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৫ টা স্থানৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে বিশ্বনাথৰ ঝৰ্ণা শইকীয়াই ৷ বিশ্বনাথ চাৰিআলি শংকৰদেৱৰ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী ঝৰ্ণাই এইবাৰ শিক্ষান্ত পৰীক্ষাত মুঠ ৫৯০ নম্বৰ লাভ কৰে ৷ ঝৰ্ণাৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে তেওঁৰ পৰিয়ালৰ লোক, আত্মীয়, শিক্ষাগুৰুৰ লগতে সমগ্ৰ অঞ্চলবাসী ৷

ঝৰ্ণাৰ পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পাচতেই বিশ্বনাথ চাৰিআলি শংকৰদেৱৰ শিশু বিদ্যা নিকেতনৰ লগতে তেওঁৰ বাসগৃহত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে ৷ বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰেও ছাত্ৰীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে ৷ তেওঁ বিদ্যালয়ৰ আন-আন ছাত্ৰ-ছাত্ৰীসকলেও এই সাফল্যৰ ধাৰা অব্যাহত ৰাখিব বুলি আশা ব্যক্ত কৰে ৷

লগতে পঢ়ক : HSLC exam result 2024 : তৃতীয় স্থানত উজ্বলিল বৰপেটা জিলাৰ বেদান্ত চৌধুৰী; বেদান্ত চৌধুৰীৰ এই সফলতাত আনন্দিত জিলাবাসী