HSLC exam result 2024 : তৃতীয় স্থানত উজ্বলিল বৰপেটা জিলাৰ বেদান্ত চৌধুৰী; বেদান্ত চৌধুৰীৰ এই সফলতাত আনন্দিত জিলাবাসী
নিউজ ডেস্ক, ২০ এপ্ৰিল : ৰাজ্যত চলি আছে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ব্যাপক প্ৰস্তুতি । প্ৰথম পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনৰ পাছতে আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । শিক্ষা বিভাগে হঠাতে ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ।পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ লগে লগে ৰাজ্যত দেখা গৈছে ব্যাপক উছাহ(HSLC exam result 2024)।
শনিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৫ টা স্থানৰ ভিতৰত তৃতীয় স্থান লাভ কৰিলৈ সক্ষম হৈছে বৰপেটা জিলাৰ বেদান্ত চৌধুৰীয়ে ।সৰ্বমুঠ বেদান্ত চৌধুৰীয়ে সৰ্বমুঠ ৫৮৮ নম্বৰ লাভ কৰি তৃতীয় স্থান লাভ কৰিলৈ সক্ষম হৈছে বৰপেটা জিলাৰ বেদান্ত চৌধুৰীয়ে । বৰপেটা জিলাৰ ভবানীপুৰৰ সমীপৰ কহৰাস্থিত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ষ্টেলা মেৰিছ স্কুলৰ ছাত্ৰ বেদান্ত চৌধুৰী ।
বেদান্ত চৌধুৰীৰ এই সফলতাত আনন্দিত জিলাবাসী । বেদান্ত চৌধুৰীৰ বিদ্যালয় আৰু বাসগৃহত আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে ।
মেধাৱী ছাত্ৰজনক শুভেচ্ছা জনাবলৈ পুৱাৰে পৰা তেওঁৰ বাসগৃহত বিভিন্নজনে ভিৰ কৰিছে । অঞ্চলটোৰ বিভিন্ন সংগঠনে তৃতীয় স্থানপ্ৰাপ্ত বেদান্তক তেওঁৰ বাসগৃহত সম্বৰ্ধনাও জ্ঞাপন কৰিছে ।