Lok Sabha Election 2024 Phase 3 : আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কেইবাজনো প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ

নিউজ ডেস্ক, ১৮ এপ্ৰিল : ৭ মে’ত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন । ইতিমধ্য়ে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন বাবে সাজু হৈছে সকলো । আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ দ্বিতীয় দিন। আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কেইবাজনো প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ(Lok Sabha Election 2024 Phase 3 : ) ।
আজি অসমৰ ভিতৰত সৰ্বাধিক ভোটাৰ থকা ধুবুৰী লোকসভা সমষ্টিৰ পৰা আজি অগপ দলৰ প্ৰাৰ্থী জাভেদ ইছলাম আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে মনোনয়ন পত্ৰ দাখিল কৰিব। মানকাচৰ সমষ্টিৰ শ শ কংগ্ৰেছৰ সমৰ্থকৰ সহযোগত বেপাৰীপাৰা পাৰঘাটৰ পৰা ফেৰীৰে ধুবুৰীলৈ যাত্ৰা আৰাম্ভ কৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে।
ইয়াৰোপৰি আজি এন ডি এ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে দাখিল কৰিব মনোনয় পত্ৰ। এন ডি এ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ মনোনয়ন পত্ৰ দাখিলৰ বিশাল জনসভাত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় বিজেপি সভাপতি জে পি নাড্ডাই। ইয়াৰ সমান্তৰালকৈ বৰপেটা লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰে।
লগতে পঢ়ক : Doctor Brutally Beaten in Merapani : মেৰাপানীত চিকিৎসকক প্ৰহাৰ দুই যুৱকৰ