Assam CM directed the chief secretary of state to extend all necessary support to titabor family : তিতাবৰৰ দুৰ্ভগীয়া পৰিয়ালটোক তাৎক্ষণিকভাৱে সঁহাৰি জনায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
নিউজ ডেস্ক, ১৫ এপ্ৰিল : তিতাবৰত সংঘটিত হৈছে এক মৰ্মান্তিক দুৰ্ঘটনা । পহিলা ব’হাগৰ দিনাই গোৱাত সংঘটিত হৈছিল এক বাইক দুৰ্ঘটনা । এই ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হৈছিল তিতাবৰৰ দুই যুৱকৰ। দুৰ্ঘটনাত মৃত্যু হোৱা যুৱক দুজন অচ্যুৎ ৰঞ্জন গগৈ আৰু পাপু গগৈ । পুত্ৰৰ মৃত্যুৰ বাতৰি সহ্য কৰিব নোৱাৰিলে পিতৃয়ে(Two Brothers Killed In Bike Crash In Goa)।পুত্ৰ ভতিজাকৰ মৃত্যুক সহিব নোৱাৰি দেওবাৰে নিশা পিতৃ অনিল গগৈয়ে ঘৰৰ পিছফালে চিপজৰী লৈ আত্মহনন কৰে।।
ঘটনা অনুসৰি, দেওবাৰে আবেলি কৰ্মস্থলীৰ পৰা নিজৰ থকা ঠাইলৈ দুয়ো মটৰ চাইকেলেৰে উভতি আহোঁতে পথৰ মাজতে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় দুই যুৱক।দুই যুৱকৰ মৃত্যুৰ পিছতে পুত্ৰশোক সহিব নোৱাৰি পাপু গগৈৰ পিতৃ অনিল গগৈয়ে নিশা প্ৰায় ৮ মান বজাত চৰম পন্থাক আঁকোৱালি লয়। এফালে পুত্ৰ আৰু ভতিজাৰ পথ দুৰ্ঘটনাত মৃত্যু, আনফালে পাপু গগৈ পিতৃৰ চৰম পন্থা। একেটা পৰিয়ালৰ তিনিজনকৈ লোক মৃত্যুত এতিয়া অঞ্চলজুৰি এক শোকাকুল পৰিৱেশ(TAssam CM directed the chief secretary of state to extend all necessary support to titabor family)।
ইফালে দুৰ্ভাগ্যজনকভাৱে, দুই যুৱকৰ মৃতদেহ আনিব পৰাকৈ সক্ষম নহয় পৰিয়ালৰ লোক। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ, তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱাক দুই যুৱকৰ মৃতদেহ অনাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছিল পৰিয়ালৰ লোকে। পৰিয়ালৰ এই অনুৰোধৰ প্ৰতি তাৎক্ষণিকভাৱে সঁহাৰি জনায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখযোগ্য যে,তিতাবৰৰ এই দুৰ্ভগীয়া পৰিয়ালটোক সঁহাৰি জনাইছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ মুখ্য সচিবক তিতাবৰৰ এই পৰিয়ালটোৰ গোৱাত থকা যুৱক দুজনৰ মৃতদেহকেইটা সুকলমে ঘৰলৈ অনাৰ ব্যৱস্থা কৰিবলৈ তাৎক্ষণিকভাৱে নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যৰ মুখ্য সচিবেও গ্ৰহণ কৰে ব্যৱস্থা। এতিয়া যোৰহাটৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ তৎপৰতাত যুৱক দুজনৰ মৃতদেহ গোৱাৰ পৰা আনিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।
আনহাতে প্ৰশাসনে এই ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমক জনোৱা অনুসৰি, বৰ্তমান যুৱক দুজনৰ মৃতদেহ দুটা গোৱা চিকিৎসা মহাবিদ্যালয়ত ৰখা হৈছে আৰু আজিৰ ভিতৰত তাতেই মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ’ব। তাৰপিছত, মৃতদেহকেইটা মৰ্গত সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিবলৈ নৰ্থ গোৱাৰ আৰক্ষী অধীক্ষকক অনুৰোধ জনোৱা হৈছে। ইতিমধ্যে, মৃত যুৱক দুজনৰ আত্মীয় গোৱাত উপস্থিত হৈছে আৰু তেওঁলোক যোৰহাট জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ যোগাযোগত আছে। আত্মীয়ৰ সৈতে মৃতদেহকেইটা কাইলৈ আবেলিৰ ভিতৰত গোৱাৰ পাঞ্জিমৰ পৰা গুৱাহাটী আহি পাব বুলি আশা কৰা হৈছে। এই সমগ্ৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ দ্বাৰা কৰা হ’ব বুলি জানিবলৈ দিছে প্ৰশাসনে।