Local, Vocal, Global

Terrible Brick quarry fight in Chapar : চাপৰৰ ইটাভাটাত ভয়ংকৰ মাৰপিট !

চাপৰ, ১৮ মাৰ্চ : চাপৰৰ ইটাভাটাত ভয়ংকৰ মাৰপিট ! ইটাভাটাৰ মালিকৰ বিৰুদ্ধে গুণ্ডাবাহিনী নিয়োগৰ অভিযোগ কয়লা ব্যৱসায়ীৰ(Terrible Brick quarry fight in Chapar) ।

চাপৰৰ ৰঙামাটিস্থিত CBF ইটা উদ্যোগত ভয়ংকৰ মাৰপিটৰ ঘটনা। ইটা উদ্যোগটোৰ স্বতাধিকাৰী আজিজুৰ ৰহমান ওৰফে বাবুৰ নিৰ্দেশত গুণ্ডাবাহিনীয়ে কয়লা ব্যৱসায়িক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ।

চোকা অস্ত্ৰৰেৰে আঘাত ব্যৱসায়ী ৰবিউল ইছলাম আহমেদ আৰু আজিজুৰ ইছলামক। সংকটজনক অৱস্থাত দুয়োকে গুৱাহাটী লৈ প্ৰেৰণ কৰা হয়।ঘটনা সনদৰ্ভত চাপৰ আৰক্ষী থানাত এজাহাৰ দাখিল ভূক্তভোগীৰ।

ইতিমধ্যে চাপৰ আৰক্ষীয়ে ইটা উদ্যোগটোৰ স্বতাধিকাৰী গৰাকীক আটক কৰিছে। মুল অভিযুক্ত মোগল হুছেইন বৰ্তমানেও পলাতক বুলি জানিব পৰা গৈছে।

ধুবুৰী জিলাৰ চাপৰৰ ৰঙামাটিস্থিত CBF ভাটাত গোৱালপাৰা জিলাৰ কয়লা ব্যৱসায়িয়ে বিক্ৰি কৰা কয়লাৰ মূল্য বিচাৰি অহাত ইটা উদ্যোগৰ স্বতাধিকাৰী আজিজুৰ ৰহমানৰ নিৰ্দেশ মৰ্মে চাপৰৰ ফলিমাৰীৰ মোগল হুছেইনৰ নেতৃত্বত এটা দলে হাতত দা কুঠাৰ লৈ আক্ৰমণ কৰাৰ অভিযোগ কয়লা ব্যৱসায়িৰ দলটোক।

নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ ব্যৱসায়ী দলৰ দুজনমানে পলায়ন কৰে যদিও চোকা অস্ত্ৰৰ আঘাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কয়লা ব্যৱসায়ি ৰবিউল ইছলাম আহমেদ আৰু আজিজুৰ ইছলাম। আহত ব্যক্তি দুজনক প্ৰথম অৱস্থাত চাপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়(Terrible Brick quarry fight in Chapar)।

লগতে পঢ়ক : Under-construction building collapses : খহি পৰিল ৫মহলীয়া নিৰ্মীয়মাণ অট্টালিকা;নিহত ৫জন, আহত ১৪জন