Local, Vocal, Global

SI Junmoni Rabha’S Mother Reacted to CBI charge sheet :”মোৰ আজি ভাষা নাই ক’বলৈ । মই মানি ল’ব নোৱাৰো CBI য়ে যি কৈছে – জোনমণি ৰাভা মাতৃ

নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰী : জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ অভিযোগনামা দাখিল। CBIয়ে দাখিল কৰিলে তিনিওটা গোচৰৰ অভিযোগনামা।আজি নগাঁও আদালত দাখিল কৰিলে অভিযোগনামা । অন্ত পৰিল জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত CBIৰ তদন্তৰ ।নগাঁৱৰ সত্ৰ ন্যায়াধীশৰ আদালতত চাৰ্জশ্বীট দাখিল তদন্তকাৰী সংস্থাটোৰ ।

এছ আই জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত CBI তদন্তৰ প্ৰতিবেদনৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ জোনমণি ৰাভাৰ মাতৃৰ । CBI তদন্তৰ প্ৰতিবেদনত সন্তুষ্ট নহয় জোনমণি ৰাভাৰ মাতৃ ।

বুধবাৰে CBI য়ে অভিযোগনামা দাখিল কৰাৰ পিচতে জোনমণি ৰাভা মাতৃয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

জোনমণি ৰাভা মাতৃয়ে কয়, “মোৰ আজি ভাষা নাই ক’বলৈ । মই মানি ল’ব নোৱাৰো CBI য়ে যি কৈছে । মই যিমান ক’ব লগা আছিলে কৈ দিলো । যদি মোৰ ছোৱালী হাত ভৰি ভাঙি বিচনাত পৰি থাকিল হয় তেতিয়া ক’ব পাৰিলে হয় যে পথ দুৰ্ঘটনা হৈছিল নে কোনোবাই মাৰিছিল । এতিয়া একো সাক্ষী নাই প্ৰমাণ নাই । মোৰ হাতত যি প্ৰমাণ আছিল মই সকলো দিছো । এতিয়া ৰাইজে বিচাৰ কৰিব।”

উল্লেখ্য যে, আজি SI জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত CBI য়ে অভিযোগনামা দাখিল কৰে। হত্যা অথবা চৰমপন্থাৰ কথা নস্যাৎ কৰে CBI দলে ৷

উল্লেখ্য যে বিগত বৰ্ষৰ ১৬ মে’ৰ নিশা ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হৈছিল মৰিকলং আৰক্ষী থানাৰ SI জোনমণি ৰাভাৰ । জোনমণিৰ মৃত্যুৰ পিছতে উত্থাপিত হৈছিল বহু অভিযোগ । পৰিয়ালৰ দাবী কৰিছিল জোনমণিৰ দুৰ্ঘটনাত মৃত্যু হোৱা নাই , হত্যা কৰা হৈছে জোনমণিক(CBI submits Report on Mysterious Death of Jonmani Rabha) ।জোনমণি ৰাভাৰ এই ঘটনাৰ তদন্ত প্ৰথমে CIDক দিয়া হৈছিল । পৰৱৰ্তী সময়ত পৰিয়ালৰ দাবী আৰু জনসাধাৰণৰ আবেগক প্ৰাধান্য দি এই ঘটনাৰ তদন্ত CBI ক দিয়াৰ বাবে ডিজিপি জি পি সিঙে অনুৰোধ জনাইছিল মুখ্যমন্ত্ৰীক । আৰু সেইমৰ্মে মুখ্যমন্ত্ৰীয়ে ঘটনাৰ তদন্ত CBIক দিয়া হ’ব বুলি ঘোষণা কৰিছিল।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে জোনমণি ৰাভাৰ মৃত্যুৰ লগত সাঙোৰ খোৱা চাৰিটাকৈ গোচৰৰ তদন্তৰ দায়িত্ব অপৰ্ণ কৰিছিল CBI ক । অৱশেষত লাভলী কাটিয়াৰৰ নেতৃত্বত CBI এ নিজৰ তদন্ত সামৰি প্ৰকাশ কৰিলে প্ৰতিবেদন ৷

লগতে পঢ়ক :Tragic incident in Jorhat : যোৰহাটত সুদখোৰৰ মানসিক অত্যাচাৰ আৰু নিৰ্যাতন সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত বাচি ল’লে ব্যৱসায়ীয়ে