Local, Vocal, Global

Land for Job scam case: ED ৰ কাৰ্যালয়ৰ সন্মূখত তীব্ৰ প্ৰতিবাদ; ৰাষ্ট্ৰীয় জনতা দলৰ সমৰ্থকৰ প্ৰতিবাদ

নেশ্যনেল ডেস্ক, ২৯জানুৱাৰী : ED ৰ কাৰ্যালয়ৰ সন্মূখত তীব্ৰ প্ৰতিবাদ । ৰাষ্ট্ৰীয় জনতা দলৰ সমৰ্থকৰ প্ৰতিবাদ ED ৰ কাৰ্যালয়ৰ বাহিৰত ।

উল্লেখ্য যে, সোমবাৰ অৰ্থাৎ আজি ED ৰ কাৰ্যালয়ত RJD ৰ অধ্যক্ষ তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু যাদৱক ভূমি কেলেংকাৰীৰ সন্দৰ্ভত সোধা পোছাৰ বাবে হাজিৰ হোৱাৰ কথা আছিল(RJD supporters gather outside ED office to oppose Lalu Yadav’s questioning in Land for Job scam case) ৷

ইয়াৰ পিছতে ED ৰ কাৰ্যালয়ৰ সন্মুখত ভিৰ কৰে RJD ৰ সমৰ্থকসকলে ৷ ৰাষ্ট্ৰীয় জনতা দলৰ কৰ্মীসকলে কয় যে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ নেতাক আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুত কৰিবলৈ বাধা দিয়াৰ হেতুকে হাৰাশাস্তি কৰিছে(RJD supporters gather outside ED office to oppose Lalu Yadav’s questioning in Land for Job scam case) ৷

আৰজেডিৰ সমৰ্থকসকলে কয় যে, “লালু যাদৱক যিমানে হাৰাশাস্তি কৰা হ’ব, দলটোৰ কৰ্মচাৰীসকল সিমানেই শক্তিশালী হৈ উঠিছে । আমি কোনেও ভয় নকৰো ৷”

ইফালে, আৰজেডিৰ সাংসদ মনোজ কুমাৰ ঝাই ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) চৰকাৰী সংস্থাক ব্যৱহাৰ কৰি ৰাজনৈতিকভাবে ইয়াৰ প্ৰতিদ্বন্দ্বীসকলক লক্ষ্য কৰি লোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৷ লগতে তেওঁ কয়, “এয়া ইডিৰ আহ্বান নহয়, বিজেপিৰ আহ্বান… এইটো ২০২৪ চনলৈকে চলিব, তেতিয়ালৈকে অনুগ্ৰহ কৰি ইডিয়ে চমন বুলি কৈ আমাক বিভ্ৰান্তি নকৰিব ৷ আমি কিয় ভয় কৰিব লাগে ?”

ইফালে এই সন্দৰ্ভত নতুনকৈ শপতগ্ৰহণ কৰা ৰাজ্যৰ উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে কয়, “দেশৰ ৰাইজে জানে যে এইসকল (লালু যাদৱ) দুৰ্নীতিগ্ৰস্ত লোক। দুৰ্নীতি তেওঁলোকৰ বাবে এটা গহনা… মই তেজস্বী যাদৱক বিহাৰৰ যুৱসকলক ডেৰ বছৰৰ ভিতৰত কেনেকৈ কোটিপতি হ’ব লাগে তাৰ উপায় ক’বলৈ অনুৰোধ জনাইছো ৷”

লগতে পঢ়ক : Road Accident : মটৰ চাইকেলসহ গভীৰ পুখুৰীত ভগৰি পৰিল দুই বাইক আৰোহী, নিহত এজন