Local, Vocal, Global

Plane Allowed to Leave After three Days of Grounding in France : অৱশেষত তিনিদিনৰ পাছত যাবলৈ দিয়া হ’ল নিকাৰাগুয়া অভিমুখী বিমান;মানৱ সৰবৰাহৰ সন্দেহত আবদ্ধ কৰি ৰখা হৈছিল বিমানখন

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৫ডিচেম্বৰ : অৱশেষত তিনিদিনৰ পাছত যাবলৈ দিয়া হ’ল নিকাৰাগুয়া অভিমুখী বিমান । তিনিদিনে ফ্ৰান্সৰ পেৰিছৰ সমীপৰ এটা বিমান বন্দৰত আৱদ্ধ কৰি ৰাখিছিল নিকাৰাগুয়া অভিমুখী এখন বিমান । এই বিমানখন আছিল ৩০৩জন যাত্ৰী । জানিবলৈ পৰা মতে,যাত্ৰীসকলৰ ভিতৰত বেছিভাগে আছিল ভাৰতীয় ৷মানৱ সৰবৰাহ কৰাৰ সন্দেহত বিমানখন তিনিদিনকৈ আবদ্ধ কৰি ৰখা হৈছিল(Plane Allowed to Leave After three Days of Grounding in France) ।

ফ্ৰান্সৰ স্থানীয় সংবাদমাধ্যত প্ৰকাশ পোৱা বাতৰি অনুসৰি, নিকাৰাগুয়া অভিমুখী বিমানখনত মানৱ সৰবৰাহ কৰাৰ সন্দেহত পেৰিছৰ ওচৰৰ বিমানবন্দৰত তিনিদিনকৈ আবদ্ধ কৰি ৰখা হৈছিল ৷ অৱশেষত সোমবাৰে যাত্ৰীবাহী বিমানখন যাবলৈ অনুমতি প্ৰদান কৰিছে পেৰিছ কৰ্তৃপক্ষই

৷ফৰাচী সংবাদ প্ৰতিষ্ঠান বি এফ এম টি ভিয়ে জনোৱা অনুসৰি, বিমানখন পেৰিছ এৰিবলৈ ধৰোতে বিমানখনৰ উৰণত বাধা আৰোপ কৰিছিল ফৰাচী বিমান কৰ্তৃপক্ষই ৷ কিয়নো, পেৰিছৰ পৰা ১৫০ কিঃমিৰ দূৰত থকা ভাট্ৰি বিমানবন্দৰত ফৰাচী কৰ্তৃপক্ষই কিছু যাত্ৰীক মানৱ সৰবৰাহকাৰী বুলি সন্দেহ কৰিছিল ৷ সেয়ে মানৱ সৰবৰাহৰ সন্দেহত পেৰিছৰ অভিযোজক কাৰ্যালয়ৰ তৰফৰ পৰা তদন্ত আৰম্ভ কৰিছিল(Plane with Indians allowed to leave after 3 days of grounding in France) ৷

ফৰাচী সংবাদ মাধ্যমৰ মতে, বিমানখনত থকা কিছু যাত্ৰীয়ে হিন্দী আৰু তামিল ভাষাত কথা পাতিছিল আৰু তেওঁলোকে টেলিফোনযোগে তেওঁলোকৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছিল ৷ ফৰাচী অধিবক্তাসকলৰ মতে, শুক্ৰবাৰৰ পৰা বিমানখনত ১১ জন কিশোৰ আৰু দুজন যাত্ৰী আৰক্ষীৰ জিম্মাত আছে(303 Indians Grounded at Airport in France Allowed to Leave) ৷

শনিবাৰে সন্ধিয়া তেওঁলোকক ৪৮ ঘণ্টালৈকে বন্দী কৰি জেৰা কৰা হৈছিল । বিমানখন ৰোমানিয়ান চাৰ্টাৰ কোম্পানী লেজেণ্ড এয়াৰলাইনছৰ মালিকানাধীন । প্ৰতিষ্ঠানটোৰ এগৰাকী অধিবক্তা লিলিয়ানা বাকায়োকোৱে উল্লেখ কৰা অনুসৰি, বিমানখনে মানৱ সৰবৰাহৰ সৈতে কোনো ধৰণে জড়িত নাই ৷ কাৰণ বিমানখনৰ প্ৰতিজন যাত্ৰীৰ পৰিচয়পত্ৰ পৰীক্ষা কৰা হৈছিল ৷ বিমানখন এৰা ৪৮ ঘণ্টাৰ পূৰ্বে যাত্ৰীসকলৰ পাছপোৰ্টৰ তথ্য এয়াৰলাইনক অৱগত কৰা হৈছিল বুলি উল্লেখ কৰে বাকায়োকোৱে ৷

লগতে পঢ়ক : Fire Breaks out in Moving Vehicle : ৰাজপথত দাউদাউকৈ জ্বলি উঠিল টাটা নেন’ বাহন