Retired Senior Police Officer Shot Dead By Terrorists While Praying : আজান দি থকাৰ সময়তে গুলীয়াই হত্যা অৱসৰপ্ৰাপ্ত এছএছপিক
নিউজ ডেস্ক, ২৪ডিচেম্বৰ : পুনৰ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণ । অৱসৰপ্ৰাপ্ত এছএছপিক গুলীচালনা সন্ত্ৰাসবাদীৰ । দেওবাৰে সংঘটিত হয় এই ঘটনাটো(Retired Senior Police Officer Shot Dead By Terrorists While Praying) ।
উল্লেখ্য যে , দেওবাৰে বাৰামুল্লা জিলাৰ গন্তামুল্লা বালা অঞ্চলৰ মছজিদৰ ভিতৰত নামাজ পঢ়ি থকা অৱস্থাত অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষক মহম্মদ শ্বাফি মিৰক লক্ষ্য কৰি গুলীচালনা কৰে সন্ত্ৰাসবাদীয়ে । বাৰামূলাত সন্ত্ৰাসবাদীৰ গুলীত নিহত হয় অৱসৰপ্ৰাপ্ত এছএছপি মহম্মদ ছাফী মীৰ(Retired Senior Police Officer Shot Dead By Terrorists While Praying In Baramulla)।
ঘটনাৰ বিৱৰণী অনুসৰি, দেওবাৰে মহম্মদ ছাফীয়ে মছজিদত আজান দি থকাৰ সময়ত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে। প্ৰথম অৱস্থাত তেওঁ আঘাতপ্ৰাপ্ত হয় যদিও পৰৱৰ্তী সময়ত মৃত্যুক সাৱতি লয়।
এই ঘটনাৰ পাছতে নিৰাপত্তাৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰে আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলে। জম্মু-কাশ্মীৰ আৰক্ষীয়ে ছ’চিয়েল মিডিয়াত এই কথা সদৰি কৰি সকলোকে সুৰক্ষিত স্থানত থাকিবলৈ আহ্বান জনায়।উল্লেখ্য যে, বিগত কেইটামান দিনত জম্মু-কাশ্মীৰত সন্ত্ৰসবাদী আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে। বৃহস্পতিবাৰে পুছ জিলাত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণত ৫ জন জোৱান শ্বহীদ হোৱাৰ লগতে আহত হয় ৩ জন। ইয়াৰোপৰি আৰু বহু সন্ত্ৰসবাদী কাৰ্যাকালাপ সংঘটিত হৈ আছে জম্মু-কাশ্মীৰত।