Local, Vocal, Global

Three Youths Suspected to be ULFA-I Linkmen Injured in Police Firing : তিনি যুৱকলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

নিউজ ডেস্ক, ২৪ডিচেম্বৰ : পুনৰ আৰক্ষীৰ গুলীচালনা । তিনি যুৱকলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত গুলীবিদ্ধ ৩ যুৱক(Three Youths Suspected to be ULFA-I Linkmen Injured in Police Firing) ।

তিনিচুকীয়া সংঘটিত হৈছে এই ঘটনাটো । দেওবাৰে নিশা তিনিচুকীয়াৰ কাকপথাৰ ডিৰাক অঞ্চলত সংঘটিত হৈছে এই ঘটনাটো ।

জানিব পৰা মতে, তিনি যুৱকক আলফাৰ লিংক মেন বুলি সন্দেহ কৰি আৰক্ষীয়ে গুলীচালনা কৰে(Three youths suspected to be ULFA-I linkmen injured in police firing in Tinsukia)।

উল্লেখ্য যে, আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হয় তিনিওজন যুৱক । আঘাতপ্ৰাপ্ত যুৱক তিনিজনক ইতিমধ্যে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । গুলীবিদ্ধ যুৱককেইজন শদিয়াৰ স্কুল চাৰিআলিৰ বিশ্বনাথ বুঢ়াগোহাঁই, নিজৰাপাৰাৰ মনোজ বুঢ়াগোহাঁই আৰু মিলন নগৰৰ নবীন নেওগ(Three youths suspected to be ULFA-I linkmen injured in police firing)।

বিগত কেইবাদিনৰ পৰা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং আৰু আলফা স্বাধীনৰ মাজত বাক্ যুদ্ধ হৈ আছে । ইফালে জিপি সিঙে এক পোষ্টৰ জড়িয়তে কোনোলোকে যদি ছচিয়েল মিডিয়াত আলফা(স্বা)ৰ সমৰ্থনত পোষ্ট কৰে বা মন্তব্য কৰে তেন্তে তেনেলোককো গ্ৰেপ্তাৰ কৰা হ’ব বুলি উল্লেখ কৰে(Assam Police Open Fire on 3 Youths Attempting to Join ULFA-I) ।

লগতে পঢ়ক :Controversy Surrounds Death Of 10 Year Old Assam Girl : অৰুণাচল প্ৰদেশত উত্তপ্ত পৰিস্থিতি; শিক্ষয়িত্ৰীৰ ঘৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ বনকৰা কিশোৰীৰ মৃতদেহ