Vishnu Deo Sai to take oath as Chhattisgarh CM today : বুধবাৰে ছত্তীশগড়ত শপত গ্ৰহণ কৰিব নতুন চৰকাৰে
নিউজ ডেস্ক, ১৩ ডিচেম্বৰ : আজি দুই ৰাজ্যত নতুন চৰকাৰে শপত গ্ৰহণ । মধ্যপ্ৰদেশৰ সমান্তৰালকৈ ছত্তীশগড়টো নতুন চৰকাৰে শপত গ্ৰহণ কৰিব(Madhya Pradesh, Chhattisgarh Chief Ministers To Take Oath Today) ।
বুধবাৰে ছত্তীশগড়ত শপত গ্ৰহণ কৰিব নতুন চৰকাৰে। আজি ছত্তীশগড়ত বিষ্ণু দেও চাইয়ে নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।
ছত্তীশগড়ত দুপৰীয়া ২ বজাত নতুন মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব(Chhattisgarh CM Oath Ceremony)।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপি সভাপতি অমিত শ্বাহ, বিজেপি সভাপতি জে পি নাড্ডা আৰু অন্যান্য জ্যেষ্ঠ নেতাসকলৰ উপস্থিত ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও চাইৰ শপত গ্ৰহণ কৰিব।
ছত্তীশগড়ৰ ৯০ জনীয়া বিধানসভাত বিজেপিয়ে ৫৪ খন আসন লাভ কৰিছিল। এই ৰাজ্যখনতো বিজেপিয়ে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী ঘোষণা কৰা নাছিল। পৰৱৰ্তী সময়ত ঘোষণা কৰে মুখ্যমন্ত্ৰীৰ নাম।
উল্লেখ্য যে , বহু জল্পনা কল্পনাৰ অন্তত দেওবাৰে ঘোষণা কৰা হৈছিল ছত্তীশগড়ৰ নতুন মুখ্যমন্ত্ৰীৰ নাম । এক বিধায়নী দলৰ বৈঠকৰ অন্তত ছত্তীশগড়ৰ নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা হৈছে । ৰায়পুৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অৰ্জুন মুণ্ডা আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দুষ্যন্ত গৌতমৰ এক বৈঠকত ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী নাম ঘোষণা কৰিছিল(Vishnu Deo Sai to take oath as Chhattisgarh CM today ) ।
লগতে পঢ়ক : Mohan Yadav to take oath as Madhya Pradesh CM today : আজি মধ্যপ্ৰদেশৰ নতুন চৰকাৰৰ শপতগ্ৰহণ