Karni Sena chief Sukhdev Singh Gogamedi Murder : গ্ৰেপ্তাৰ সুখদেৱ সিং গোগামেড়ী হত্যাকাণ্ডৰ লগত জড়িত দুই অভিযুক্ত
নেশ্যনেল ডেস্ক, ১০ ডিচেম্বৰ : দিল্লী অপৰাধ শাখা আৰু ৰাজস্থান আৰক্ষীৰ সফল অভিযান । অৱশেষত গ্ৰেপ্তাৰ হ’ল ৰাজপুত কৰ্ণী সেনাৰ অধ্যক্ষ সুখদেৱ সিং গোগামেড়ীৰ হত্যাৰ লগত জড়িত অভিযুক্ত(Karni Sena chief Sukhdev Singh Gogamedi Murder) ।
দিল্লী অপৰাধ শাখা আৰু ৰাজস্থান আৰক্ষীৰ যৌথ অভিযানত শ্ৰী ৰাজপুত কৰ্ণী সেনাৰ অধ্যক্ষ সুখদেৱ সিং গোগামেড়ীৰ হত্যাকাণ্ডৰ সৈতে জড়িত দুজন গুলীচালনাকাৰী আৰু এজন সহযোগীক আটক কৰে আৰক্ষীয়ে( Made In Connection With Rashtriya Rajput Karni Sena Chief’s Murder)।
জানিব পৰা মতে আটকাধীন লোক দুজন ৰোহিত ৰাথোৰ আৰু নীতিন ফৌজী বুলি চিনাক্ত কৰা হৈছে লগতে উধাম নামৰ আন এজন ব্যক্তিক এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰে(Made In Connection With Rashtriya Rajput Karni Sena Chief’s Murder) । শনিবাৰে আৰক্ষীয়ে হাৰিয়ানাৰ মহেন্দ্ৰগড়ৰ বাসিন্দা অভিযুক্ত ৰামবীৰ জাটক গ্ৰেপ্তাৰ কৰিছিল ৷ জাটে দুয়োজন শ্বুটাৰক সহায় কৰিছিল । কিয়নো অভিযুক্ত উধাম ফৌজীৰ এজন বন্ধু আছিল । ৰামবীৰে জয়পুৰত দুয়োজন শ্বুটাৰক সহায় কৰিছিল ।ৰোহিত আৰু নীতিন ফৌজী দিল্লী আৰক্ষীয়ে দিল্লীলৈ লৈ যোৱাৰ বিপৰীতে উধামক ৰাজস্থান আৰক্ষীয়ে আটক কৰি ৰাখিছে(Karni Sena chief Sukhdev Singh Gogamedi Murder)।
বিশেষ তদন্তকাৰী দলৰ মুৰব্বী আৰু অতিৰিক্ত সঞ্চালক প্ৰধান দীনেশ এম এনে দুই অপৰাধীক গ্ৰেপ্তাৰৰ কথা নিশ্চিত কৰিছে। বৰ্তমানেও সুখদেৱ সিং গোগামেড়ীৰ হত্যাকাণ্ডৰ অধিক তথ্যৰ বাবে তদন্ত অব্যাহত আছে।
উল্লেখ্য যে,মঙলবাৰে শ্ৰী ৰাজপুত কৰ্ণী সেনাৰ অধ্যক্ষ সুখদেৱ সিং গোগামেড়ীলৈ লক্ষ্য কৰি কোনো দুৰ্বৃত্তই গুলীবৰ্ষণ কৰিছিল । মঙলবাৰে গোগামেড়ী নিজ বাসগৃহৰ বাহিৰত থকা অৱস্থাত সংঘটিত হয় এই ঘটনাটো ।
জানিব পৰা মতে, স্কুটাৰত অহা দুজন ব্যক্তিয়ে আক্ৰমণ কৰে সেনাৰ অধ্যক্ষজনক।দুৰ্বৃত্তই গুলীচালনা কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।গুলীবৰ্ষণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় সেনাৰ অধ্যক্ষ সুখদেৱ সিং । আঘাত প্ৰাপ্ত সেনাৰ অধ্যক্ষ লৈ ততাতৈয়াকৈ গোগামেড়ীক মেট্ৰ’ মাস্ক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও অধ্যক্ষগৰাকীয়ে মৃত্যুক সাৱতি লয়(Rashtriya Rajput Karni Sena President Sukhdev Singh Gogamedi Shot Dead) ৷
লগতে পঢ়ক : Drugs Peddler Arrested in Biswanath : বিশ্বনাথত ড্ৰাগছসহ আটক সৰবৰাহকাৰী