Encounter in Kokrajhar : পুনৰ গৰজিল আৰক্ষীৰ বন্দুক

নিউজ ডেস্ক, ৭ ডিচেম্বৰ : পুনৰ আৰক্ষীৰ গুলীচালনা । এইবাৰ হত্যাকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা(Encounter in Kokrajhar) ।
এইবাৰ কোকৰাঝাৰত আৰক্ষীৰ এনকাউণ্টাৰ । বুধবাৰে সংঘটিত হৈছে এই ঘটনাৰ (Encounter in Kokrajhar)।
কোকৰাঝাৰত হত্যাকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা । আৰক্ষীৰ গুলীত আহত হয় হত্যাৰ অভিযুগত অভিযুক্ত শম্ভু কাহাৰ।
উল্লেখ্য যে, বুধবাৰে নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল হত্যাকাৰী শম্ভু কাহাৰ । আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতে গুলীচালনা কৰে আৰক্ষীয়ে।
আৰক্ষীৰ গুলীচালনাৰ ফলত ভৰিত গুলীবিদ্ধ হয় অভিযুক্ত শম্ভু কাহাৰ।
জানিব পৰা মতে, পশ্চিমবংগৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শম্ভু কাহাৰক। উল্লেখ্য যে, তপন চক্ৰৱর্তী নামৰ অৱসৰপ্ৰাপ্ত অভিযন্তা এজনৰ হত্যাৰ অভিযুগত অভিযুক্ত শম্ভু কাহাৰ।
লগতে পঢ়ক : Encounter in Nagaon : ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা