Local, Vocal, Global

Mizoram Assembly Election Result 2023 : পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগণনা

নিউজ ডেস্ক, ৪ ডিচেম্বৰ : আজি মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগণনা । পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা ।

উল্লেখ্য যে ভোটগণনাৰ সম্পূৰ্ণ প্ৰস্তুতি নিৰ্বাচন আয়োগে সম্পূৰ্ণ কৰিছে । গণনা কেন্দ্ৰৰ বাহিৰত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ।

দেওবাৰে চাৰিখন ৰাজ্যৰ ভোটগণনা হৈছে । মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগণনা দেওবাৰে হ’ব লাগিছিল যদিও জনসাধাৰণৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰলৈ পিছুৱাই দিয়া হয়(Mizoram Assembly Election Result 2023) ।

যোৱা ৭ নৱেম্বৰত ৰাজ্যখনত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ । ইয়াত চৰকাৰৰ কাৰ্যকাল ১৭ ডিচেম্বৰত শেষ হ’ব । বৰ্তমান জোৰামথাংগাৰ মিজো নেশ্যনেল ফ্ৰন্টে ৰাজ্যখনত ক্ষমতাত আছে ।

মিজোৰামত মুঠ ৪০ খন বিধানসভাৰ আসন আছে আৰু সোমবাৰৰ দিনটোত মুঠ ১৭৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব ।

লগতে পঢ়ক : Drug Peddler Trying To Flee Killed In Police Firing : পুনৰ ড্ৰাগছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা