Uttarkashi tunnel collapse: ১১ দিনত ভৰি দিলে উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগৰ ঘটনাই, বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই ৪০ গৰাকীকৈ শ্ৰমিক
নেশ্যনেল ডেস্ক , ২২ নৱেম্বৰ : ১১ দিনত ভৰি দিলে উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগৰ ঘটনাই । বৰ্তমানেও আৱদ্ধ হৈ আছে ৪০ গৰাকীকৈ শ্ৰমিক । উদ্ধাৰকাৰী দলৰ ধাৰাবাহিক প্ৰচেষ্টাৰ পিছতো উদ্ধাৰ হোৱা নাই উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিক (Uttarkashi tunnel collapse)।
বিভাগীয় কৰ্তৃপক্ষই জনোৱা অনুসৰি , আগন্তুক দুদিনৰ ভিতৰত ড্ৰিলিং মেচিনৰ সহায়ত সকলো শ্ৰমিকক উদ্ধাৰ কৰিব পৰা যাব বুলি আশা কৰা হৈছে। কিন্তু এই প্ৰচেষ্টাত বিফল হ’লে উদ্ধাৰৰ বাবে পুনৰ ১৫ দিনৰ প্ৰয়োজন হোৱাৰ সম্ভাৱনা আছে ।
ইফালে, পথ পৰিবহণ আৰু ঘাইপথ সচিব অনুৰাগ জৈনে কয়, আমি এটা বিকল্পৰ ওপৰত কাম কৰাৰ সলনি সকলো বিকল্পৰ ওপৰত একেলগে কাম কৰি আছো। যাৰ বাবে উদ্ধাৰ অভিযানৰ বাবে ১৫ দিন সময় লাগিব পাৰে। শুক্ৰবাৰে আবেলি ড্ৰিলিং মেছিন কঠিন শিলৰ ওপৰেৰে গৈছিল। যাৰ ফলত কম্পন হৈছিল আৰু লগে লগে উদ্ধাৰ অভিযান বন্ধ কৰি দিয়া হৈছিল। এওঁলোকক উদ্ধাৰ কৰিবলৈ অন্য পৰিকল্পনা কৰাও হৈছে যাৰ বাবে ১৫ দিনৰ প্ৰয়োজন হ’ব।
উল্লেখ্য যে, ১২ নৱেম্বৰ দীপাৱলীৰ দিনা উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগত সংঘটিত হৈছিল এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা । এই ভয়ংকৰ ভূমিস্খলনৰ ফলত আৱদ্ধ হৈ পৰে ৪০জনকৈ শ্ৰমিক । উত্তৰকাশীৰ যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ চিল্কিয়াৰাৰ পৰা দাণ্ডল গাঁৱলৈ এটা নিৰ্মীয়মান সুৰংগৰ ভিতৰত সংঘটিত হৈছিল ভূমিস্খলনৰ ঘটনাটো (Uttarkashi Silkyara Tunnel Accident) ৷
উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত যমুনোত্ৰীলৈ যোৱা তীৰ্থযাত্ৰীসকলৰ যাত্ৰাৰ সময় হ্ৰাস আৰু সহজ কৰি তুলিবলৈ এই সুৰংগটো নিৰ্মাণ কৰি থকা হৈছে । চিল্কিয়াৰাত নিৰ্মাণ কৰা সুৰংগটোৱে ধাৰাচুৰ পৰা যমুনোত্ৰীলৈ দূৰত্ব ২৬ কিলোমিটাৰ হ্ৰাস কৰিব । এই সুৰংগটো ব্ৰহ্মখাল আৰু যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত চিল্কিয়াৰা আৰু দানদাল গাঁৱৰ মাজত নিৰ্মাণ কৰা হৈছে(Uttarkashi Tunnel Rescue Operation ) ।
বৰ্তমানেও সুৰংগ পথৰ ভিতৰত আবদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে প্ৰশাসনে প্ৰচেষ্টা অব্যাহত ৰাখিছে । উত্তৰকাশীৰ চিল্কিয়াৰা সুৰংগত চলি থকা সাহায্য অভিযানৰ আজি ১১ দিন । কিন্তু এতিয়ালৈকে সাহায্য উদ্ধাৰকাৰী দলটোৱে কোনো সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই ।১১দিন উকলি যোৱাৰ পিছতো উদ্ধাৰ হোৱা নাই উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিক । মঙলবাৰে দিনা অভিযানকাৰী দলটোৱে এক উল্লেখনীয় সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। মঙলবাৰে সুৰংগটোৰ ভাঙি পৰা অংশত অভিযানকাৰী দলটোৱে সফলতাৰে এণ্ড’স্কপি কেমেৰা সুমুৱাবলৈ সক্ষম হৈছে(First Visuals Of Trapped Workers Released)।
এণ্ড’স্কপি কেমেৰা জড়িয়তে আৱদ্ধ শ্ৰমিকসকলৰ প্ৰথম ভিজুৱেল দেখিবলৈ পোৱা গৈছে। লগতে উদ্ধাৰকাৰী দলটোৱে ছিলকিয়াৰা সুৰংগৰ ভিতৰত পাইপলাইন স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে শ্ৰমিকসকলৰ স্বাস্থ্যৰ খবৰৰ বাবে আৱদ্ধ হৈ থকা প্ৰতিজন শ্ৰমিকৰ লগতেই কথা পাতে(Uttarakhand Tunnel Rescue)।
লগতে পঢ়ক : Uttarakhand Tunnel Rescue : উত্তৰাখণ্ডৰ সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ প্ৰথম দৃশ্য মুকলি