Local, Vocal, Global

Illegal Sand Mining at the Riverbed : কাৰ চত্ৰছায়াত চলিছে অবৈধ শিল-বালিৰ বেহা ? কিয় চকুত নপৰে বিভাগৰ

পৰ্বতঝোৰা, ১৫ নৱেম্বৰ : কাৰ চত্ৰছায়াত চলিছে অবৈধ শিল-বালিৰ বেহা ? কিয় চকুত নপৰে বিভাগৰ

অবাধ গতিত নৈৰ বুকুত চলিছে শিল আৰু বালিৰ খনন । দিনে নিশাই ড্ৰেজাৰ মেচিন, ফক লেনেৰে নৈৰ বুকুৰ পৰা আহৰণ কৰিছে শিল, বালি । শিল বালিৰ মাফিয়াক যেন বাধা দিবলৈ নাই কোনো । বন বিভাগৰ নিষ্ক্ৰীয়তাক লৈ সন্দেহ স্থানীয় তথা সচেতন মহলত(Illegal Sand Mining ) ।

প্ৰশ্ন হয়, বন বিভাগৰ সৈতে গোপন মিতিৰালিৰে চলিছে নেকি বালিৰ অবৈধ খনন কাৰ্য ? কিয় বন বিভাগে এই বালিৰ বৃহৎ চিণ্ডিকেটৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে ।

ৰাজ্যত অব্যাহত আছে শিল-বালিৰ বৃহৎ চিণ্ডিকেট । বন আইন উলংঘা কৰি চৰকাৰৰ লাখ-লাখ টকা ৰাজহ ফাঁকি দি অহৰ্নিশে চলাই গৈছে শিল-বালিৰ অবৈধ খনন কাৰ্য । নিৰ্বিকাৰ হৈ আছে বন বিভাগ ।

বিভাগীয় বিষয়াক মেনেজ কৰি এনেদৰে বছৰ-বছৰ ধৰি চিণ্ডিকেট চক্ৰই চলাই গৈছে নেকি ৰমৰমীয়া বেহা ।

উল্লেখ্য যে ধুবুৰীৰ নয়াহাট মুৰাবাৰী,শৌলমাৰী,পাটিমাৰীত কাঠফুলাৰ দৰে গঢ়ি উঠিছে অবৈধ শিল-বালিৰ কয়েৰি । জনৈক বিশ্বজিৎ ব্ৰহ্ম,হাফিজুৰ,ৰাজুৰ নেতৃত্বত অবৈধ চালান বিহীন ভাৱে ড্ৰেজাৰ মেচিন, ফক লেনেৰে চলাইছে টিপকাই নৈৰ বুকুত অবৈধ খনন। ফলত নৈ খনলৈ নামি আহিছে অশনি সংকেট । তাৰ পিছতে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আঞ্চলিক বন বিষয়াই (Illegal Sand Mining at the Riverbed )।

আৰক্ষী প্ৰশাসন, বন সংমণ্ডল বিষয়া, সাপটগ্ৰাম আঞ্চলিক বন বিষয়া সৰদ কুমাৰ দাসলৈ কমিশ্যনৰ অংকত ব্যস্ত থকাৰ অভিযোগ।

শেহতীয়াকৈ অসম চৰকাৰে প্ৰতিটো বিভাগতে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হাতেৰে নিৰ্মূল কৰাৰ প্ৰচেষ্টা অব্যাহত থকাৰ সময়তে ধুবুৰী জিলা বন সংমণ্ডল বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত মূৰাবাৰী, শৌলমাৰী পাটিমাৰী মহলত অসমত কোনো ধৰণৰ অনুজ্ঞা পত্ৰ নথকা ড্ৰেজাৰ মেচিন,ফক লেনেৰে প্ৰতি দিনে নিশাই টিপকাই নৈৰ বুকুত খননকাৰ্য চলাই আছে।

চকুমুদা কুলিৰ ভাওত আছে বৰমুৰীয়া সকল।কুম্ভকৰ্ণ নিদ্ৰাত আছে নেকি বন মন্ত্ৰী তথা ধুবুৰীৰ উপায়ুক্ত দিবাকৰ নাথে?

লগতে পঢ়ক :25 Dead as Bus falls into Gorge : নিয়ন্ত্ৰণ হেৰুৱাই ২৫০ মিটাৰ তলত বাগৰি পৰিল যাত্ৰীবাহী বাছ