25 Dead as Bus falls into Gorge : নিয়ন্ত্ৰণ হেৰুৱাই ২৫০ মিটাৰ তলত বাগৰি পৰিল যাত্ৰীবাহী বাছ
নেশ্যনেল ডেস্ক, ১৫ নৱেম্বৰ : ভয়ংকৰ বাছ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই ২৫০ মিটাৰ তলত বাগৰি পৰিল যাত্ৰীবাহী বাছ(25 Dead as Bus falls into gorge in Doda) ।
জম্মু- কাশ্মীৰত এক মৰ্মান্তিক দুৰ্ঘটনা । বুধবাৰে জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ সমীপত এখন যাত্ৰীবাহী বাছ দ খাৱৈত বাগৰি পৰে(25 Dead as Bus falls into gorg) ।
জানিব পৰা মতে, কিষ্টৱাৰৰ পৰা জম্মু অভিমুখে গৈ আছিলে যাত্ৰীবাহী বাছখন । সেই সময়তে যাত্ৰীবাছখনে পথৰ পৰা আঁতৰি আহি আছাৰ অঞ্চলৰ ট্ৰুংগালৰ সমীপৰ ঠেক ঢালৰ পৰা তললৈ নামি যোৱাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়( Bus plunges into gorge in Doda, 25 bodies retrieved)।
এই দুৰ্ঘটনাৰ পিছতে উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান আৰম্ভ কৰে । বৰ্তমানলৈ উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । বৰ্তমানলৈ উদ্ধাৰকাৰী দলে ২৫টা মৃতদেহ উদ্ধাৰ কৰাৰ লগতে উদ্ধাৰ কৰিছে আহত বহুকেইগৰাকী যাত্ৰীক(25 dead after bus tumbles into deep gorge in Doda) ।
কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে এক্স ৰ জড়িয়তে পাঁচজন যাত্ৰীৰ মৃত্যু হোৱাৰ কথা প্ৰকাশ কৰাৰ লগতে আহতসকলক জিলা চিকিৎসালয় কিস্তৱাৰ আৰু চৰকাৰী চিকিৎসা মহাবিদ্যালয় ডোডালৈ স্থানান্তৰ কৰা হৈছে বুলি নিশ্চিত কৰে।
তেওঁ লগতে কয় যে ডোডা জিলাৰ উপায়ুক্ত হৰবিন্দৰ সিঙৰ সৈতে বাৰ্তালাপ হৈছে । আহত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়োৱা হ’ব(25 Dead as Bus falls into Gorge)।
কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয়, “অধিক আহতসকলক স্থানান্তৰিত কৰাৰ বাবে হেলিকপ্টাৰ সেৱাৰ ব্যৱস্থা কৰা হ’ব। প্ৰয়োজন অনুসৰি সকলো সম্ভাৱ্য সহায় আগবঢ়াও হ’ব ।
জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে এক্সৰ এক পোষ্টৰ জড়িয়তে নিহত লোকসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰে।তেওঁ কয় যে’ডোডাৰ আছাৰত সংঘটিত হোৱা এই মৰ্মান্তিক পথ দুৰ্ঘটনাৰ বাবে মই অতি দুঃখিত আৰু মৰ্মাহত ।
লগতে পঢ়ক : Road Accident in Goalpara : নিয়ন্ত্রণ হেৰুৱাই বিদ্যুতৰ খুঁটাত খুন্দা বাহনৰ