Local, Vocal, Global

Sensational Incident : এক লোমহৰ্ষক হত্যাকাণ্ড , চোকা অস্ত্ৰৰে স্বামীয়ে হত্যা কৰিলে পত্নীক

তিয়া, ১৫অক্টোবৰ : হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা । বেটি পঢ়াও, বেটি বচাও শ্লোগান দিয়া চৰকাৰখনে নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে নেকি দেশৰ মহিলা , যুৱতীক । নাৰী হৈ জন্ম হোৱাতোৱেই যেন বৰ্তমান সময়ত দুৰ্বলতা ।মানুহ যেন সময়ৰ সোঁতত লাহে লাহে পশুলৈ ৰূপান্তৰিত হ’ব ধৰিছে(Sensational Incident)।

কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। এইবাৰ চতিয়াত সংঘটিত হৈছে আন এক হত্যাকাণ্ডৰ ঘটনা(Sootea Husband Kills Wife)।

ৰাজ্যত পুনত হত্যাকাণ্ড। হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড। চতিয়াত পত্নীক হত্য়া কৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে । উত্তৰ চতিয়াৰ দয়না পুখুৰী গাৱঁত সংঘটিত হৈছে এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাটো ৷

অভিযোগ অনুসৰি, স্বামীৰ হাততে প্ৰাণ গ’ল পত্নীৰ ৷ নিশা চোকা অস্ত্ৰৰে পত্নীক হত্যা কৰে স্বামীয়ে । হত্যাৰ প্ৰকৃত কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও পাৰিবাৰিক কন্দলৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ৷

নিহত মহিলা গৰাকীৰ নাম ৰীতা স্বৰ্গীয়াৰী বুলি জানিব পৰা গৈছে ৷ অভিযুক্ত হত্যাকাৰী স্বামী খগেশ্বৰ স্বৰ্গীয়াৰীক । ইতিমধ্যে চতিয়া আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত স্বামী খগেশ্বৰ স্বৰ্গীয়াৰীক ৷

লগতে পঢ়ক : 74 arrested for allegedly raping 7 year old girl : ৭ বছৰীয়া শিশুক ধৰ্ষণ কৰাৰ অভিযোগ ৭৪ বছৰীয়া অৱসৰপ্ৰাপ্ত আৰক্ষীৰ উপ-পৰিদৰ্শকৰ বিৰুদ্ধে