Odisha Train Accident : ওড়িশাৰ বালাছোৰৰ ৰে’ল দুৰ্ঘটনাত কথা মনত আছে নে আপোনাৰ ?

নেশ্যনেল ডেস্ক, ৯অক্টোবৰ : ওড়িশাৰ বালাছোৰ ৰে’ল দুৰ্ঘটনাত কথা মনত আছে নে বাৰু আপোনাৰ । এটা দুৰ্ঘটনা আৰু নিমিষতে ছাৰখাৰ হৈছিল সকলো। নামি আহিছিল বহুতৰে জীৱনলৈ কাল অমানিশা। শেষ হৈ গৈছিল বহু পৰিয়াল নিমিষতে ভাঙি গৈছিল বহু সপোন। কোনেও কাহানিও ভৱা নাছিল এনে এক শোকাৱহ দুৰ্ঘটনাৰ সন্মুখীন হ’ব লাগিব (Odisha Train Accident)।
২ জুন শুকুৰবাৰ, সন্ধিয়া প্ৰায় ৭ মান বজাত সংঘটিত হোৱা শোকাৱহ ৰে’ল দুৰ্ঘটনাৱে কপাঁই তুলিছিল সমগ্ৰ বিশ্ব(Train accident in Odisha)। হাহাকাৰ লাগিছিল সমগ্ৰ বিশ্বজুৰি ;আপোনজনৰ সন্ধানত। কাৰণ ঘৰ এৰি দুৰণিলৈ যাত্ৰা কৰিছিল আপোনজনে। কোনেও ভৱা নাছিল সেই দিনটো যে হ’ব অভিশপ্ত এটা দিন। তিনিখন ৰে’লৰ মাজত হৈছিল সংঘৰ্ষ আৰু নিমিষতে ছাৰখাৰ হৈ গৈছিল ৩খন ৰে’ল(Odisha Train Derailed)।ফলত নিহত হৈছিল শ শ লোক । এই শোকাৱহ দুৰ্ঘটনাৰ পিছতে দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছিল বহুলোকক।
জুন মাহত ওড়িশাৰ বালাছোৰ জিলাত সংঘটিত হোৱা এই ভয়ংকৰ ৰেল দুৰ্ঘটনাত চাৰিমাহ উকলিল কিন্তু এই ভয়ংকৰ দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুওৱা ২৮ টা মৃতদেহ এতিয়াও চিনাক্ত হোৱা নাই । এই অচিনাক্ত মৃতদেহৰ শেষকৃত্য কৰিব মঙলবাৰে ৷ ভুৱনেশ্বৰৰ AIIMS ত ৰখা অচিনাক্ত মৃতদেহবোৰ সঠিকভাৱে শেষকৃত্যৰ বাবে কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (CBI)য়ে খুৰদা জিলা উপায়ুক্তক অনুৰোধ জনোৱাৰ পিছতে ভুৱনেশ্বৰ পৌৰ নিগমে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰে(Balasore Train Accident) ।
উল্লেখ্য যে, ওড়িশাৰ বালাছোৰ জিলাত হোৱা ৰেল দুৰ্ঘটনাৰ ফলত ২৯৭ জন লোকে প্ৰাণ হেৰুৱাইছিল আৰু ইয়াৰে চাৰি মাহৰ পাছতো ২৮ টা মৃতদেহ চিনাক্ত নোহোৱাত মঙলবাৰে ভুৱনেশ্বৰ পৌৰ নিগমৰ কৰ্তৃপক্ষই শেষকৃত্যৰ বাবে যথাযথ ব্যৱস্থা আৰম্ভ কৰে । ভুৱনেশ্বৰ পৌৰ নিগমৰ মেয়ৰ সুলোচনা দাসে সংবাদ মাধ্যমৰ আগত কয়, “চিবিআই বিষয়াৰ উপস্থিতিত মৃতদেহসমূহ নিগমক গতাই দিয়া হ’ব আৰু মঙলবাৰে আমি শ্মশানৰ পৰিকল্পনা কৰিছো(Bhubaneswar municipal corp likely to dispose 28 unclaimed bodies on October 10) ।”
প্ৰাপ্ত তথ্য অনুসৰি, ৰে’ল দুৰ্ঘটনাৰ তদন্ত চলাই অহা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই খুৰদা জিলা উপায়ুক্তলৈ পত্ৰ লিখি মৃতদেহসমূহ বৈজ্ঞানিকভাৱে নিষ্কাশন কৰিবলৈ অনুৰোধ জনোৱাৰ পিছতে বিএমচিয়ে এই প্ৰক্ৰিয়া আৰম্ভ কৰে ।
এগৰাকী বিষয়াই জানিবলৈ দিয়া অনুসৰি, বিএমচিয়ে এইমছৰ পৰা সত্যনগৰ আৰু ভৰতপুৰৰ শ্মশানলৈ মৃতদেহসমূহ সুকলমে পৰিবহণৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । লগতে তেওঁ জনাই যে এইমছৰ ভুৱনেশ্বৰৰ সঞ্চালকে মৃতদেহ দাহ কৰাৰ বাবে ৰাজ্য, কেন্দ্ৰ আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ নিয়ম-নিৰ্দেশনা অনুসৰণ কৰি আনুষ্ঠানিকভাৱে মৃতদেহসমূহ বিএমচিৰ স্বাস্থ্য বিষয়াক গতাই দিব ।
লগতে পঢ়ক :Odisha Train Accident : ওড়িশাৰ শোকাৱহ ৰে’ল দুৰ্ঘটনা,বাতিল অসমৰ ৰে’ল যাত্ৰা