Local, Vocal, Global

Congress Targets PM Modi Over Caste Census : কংগ্ৰেছৰ প্ৰশ্ন কিয় জাতিগত লোকপিয়ল সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী মৌন

নেশ্যনেল ডেস্ক, ৮অক্টোবৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৌনতাক লৈ প্ৰশ্ন কংগ্ৰেছৰ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জাতিগত লোকপিয়লৰ বিষয়ত মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰি কংগ্ৰেছে কয় যে, বিজেপি শাসিত ৰাজ্যসমূহে সামাজিক ন্যায় আৰু অধিকাৰ সুনিশ্চিত কৰাৰ বাবে কিয় এই জৰীপ পৰিচালনা কৰা নাই(Congress questions PM Modi’s silence on caste survey in BJP states) ৷

উল্লেখ্য যে, অশোক গেহলট নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে ৰাজস্থানত জাতিগত জৰীপ চলোৱাৰ নিৰ্দেশ দিয়াৰ এদিন পিছতে দলটোৱে এইদৰে প্ৰধানমন্ত্ৰী মোদীক প্ৰশ্ন উত্থাপন কৰে(Congress Targets PM Modi Over Caste Census) ৷

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে ৰাজস্থানত ভাৰত জোড়ো যাত্ৰাৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বহু সম্প্ৰদায়ৰ প্ৰতিনিধি দলক সাক্ষাৎ কৰিছিল আৰু সেই সময়ছোৱাত অ’বিচিৰ প্ৰতিনিধি দলে বিশেষভাৱে জাতিগত লোকপিয়লৰ দাবী উত্থাপন কৰিছিল ৷ ৰমেশে এক্স (পূৰ্বৰ টুইটাৰ) ত কয় যে “ৰাহুল গান্ধীয়ে তেওঁলোকৰ এই কথাক অতি গুৰুত্বসহকাৰে লৈছিল ৷ এতিয়া ৰাজস্থান চৰকাৰে তেওঁলোকৰ অনুৰোধ অনুসৰি জাতিভিত্তিক জৰীপ চলোৱাৰ সিদ্ধান্ত লৈছে ৷ এয়া আদৰণীয় পদক্ষেপ ৷”

কংগ্ৰেছ নেতাগৰাকীয়ে ৰাজস্থান চৰকাৰৰ এই নিৰ্দেশ সন্দৰ্ভত কয় যে, “এই জৰীপে বিশেষকৈ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে নীতি নিৰ্ধাৰণত সহায় কৰিব ৷ ইয়াৰ উপৰিও সামাজিক ন্যায় নিশ্চিত কৰা আৰু জনসংখ্যা অনুসৰি মানুহক অধিকাৰ প্ৰদান কৰাটোও অতি গুৰুত্বপূৰ্ণ ৷”

বিজেপি শাসিত ৰাজ্যসূহত কিয় এনে পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই বুলি প্ৰশ্ন উত্থাপন জয়ৰাম ৰমেশে। লগতে জাতি লোকপিয়লৰ বিষয়ত প্ৰধানমন্ত্ৰী কিয় মৌন হৈ আছে বুলি প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷

লগতে পঢ়ক :Bomb Blast outside BJP Minister’s residence : মন্ত্ৰীৰ বাসগৃহত বোমা বিস্ফোৰণ;আহত দুজন