AAP workers protest Fiercely in front of BJP office : সাংসদ সঞ্জয় সিঙক মুক্তিৰ দাবীত বিজেপিৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত তীব্ৰ প্ৰতিবাদ,আৰক্ষীৰ বাধা প্ৰদান
নেশ্যনেল ডেস্ক, ৫অক্টোবৰ : সাংসদ সঞ্জয় সিঙক মুক্তিৰ দাবীত বিজেপিৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত তীব্ৰ প্ৰতিবাদ(AAP workers protest Fiercely in front of BJP office) ।
ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰাৰ পিছত ক্ষোভ দলীয় কৰ্মী আৰু জ্যেষ্ঠ নেতাৰ মাজত । আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰাৰ বাবে আজি সাংসদ গৰাকীৰ মুক্তিৰ দাবীত বিজেপিৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত তীব্ৰ প্ৰতিবাদ(AAP workers protest Fiercely in front of BJP office) । প্ৰতিবাদ আপৰ কেইবা শতাধিক নেতা-কৰ্মীৰ(AAP workers Protest Fiercely in front of BJP office Demanding Release of Sanjay Singh) ।
আম আদমী পাৰ্টিৰ এই প্ৰতিবাদ সাব্যস্ত কৰে নিজ কাৰ্যালয়ৰ পৰা বিজেপিৰ মুখ্য কাৰ্যালয়লৈ। এক পদযাত্ৰা কৰি প্ৰতিবাদ কৰে কৰ্মীসকলে । আৰক্ষীয়ে এই পথযাত্ৰাত প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰে ৷ আৰক্ষীৰ হস্তক্ষেপত অধিক উত্তাল হৈ পৰে প্ৰতিবাদকাৰীসকল ৷ বিভিন্ন শ্ল’গানেৰে অধিক উত্তাল কৰি তোলে চৌদিশ ।
এই প্ৰতিবাদৰ মাজতে মন্ত্ৰী আতিশীয়ে শাসকীয় বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে আৰু কয়, আজি বিজেপিৰ একনায়কত্ববাদৰ কথা উদঙাই দিয়া হ’ব । এজন সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰিছে । আজি হাজাৰ হাজাৰ সঞ্জয় সিঙ ৰাজপথত সংবিধান বচাবলৈ ওলাই আহিব(AAP workers Protest Fiercely in front of BJP office Demanding Release of Sanjay Singh) ।
লগতে মন্ত্ৰীগৰাকীয়ে কয়, “ভাৰতীয় জনতা পাৰ্টিয়েও সঞ্জয় সিঙৰ পূৰ্বপুৰুষৰ চুলতানপুৰৰ বাসগৃহলৈ ED পঠিয়াব লাগে । সঞ্জয় সিঙ য’তেই গৈছে তাতেই ইডিয়ে তদন্ত কৰিব লাগে । দুৰ্নীতিৰ পৰা যদি এটকাও উদ্ধাৰ নহয় তেতিয়া সকলোৱে পদত্যাগ কৰিব । কোনো প্ৰমাণ নোহোৱাকৈয়ে গ্ৰেপ্তাৰ কৰিছে সঞ্জয় সিঙক । বিজেপিৰ একনায়কত্ববাদ চলি আছে । প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে মাত দিয়াসকলৰ কণ্ঠ দমন কৰা হৈছে । গ্ৰেপ্তাৰ কৰি জেলত ভৰোৱা হৈছে ।”
উল্লেখ্য যে, সুৰা কেলেংকাৰীৰ গোচৰত ED বুধবাৰে পুৱাৰে পৰা সাংসদ সঞ্জয় সিঙৰ বাসগৃহত অভিযান চলাই আছে ৷
লগতে পঢ়ক :Upcoming Assembly Polls In Five States : শীৰ্ঘে অনুষ্ঠিত হ’ব ৫খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন