Local, Vocal, Global

Gandhi Jayanti 2023 : আজি মহামানৱ মহাত্মা গান্ধীৰ ১৫৪সংখ্যক জয়ন্তী

নিউজ ডেস্ক, ২অক্টোবৰ : আজি ২ অক্টোবৰ;গান্ধী জয়ন্তী (Gandhi Jayanti)। আজি মহামানৱ মহাত্মা গান্ধীৰ ১৫৪সংখ্যক জয়ন্তী। । এই পবিত্ৰ দিনটোত মহামানৱ মহাত্মা গান্ধীৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনাই সমগ্ৰ দেশে পালন কৰিব গান্ধী জয়ন্তী । প্ৰতি বছৰে ২ অক্টোবৰৰ দিনটোত পালন কৰা হয় গান্ধী জয়ন্তী । গান্ধীজীক জাতিৰ পিতা বুলি কোৱা হয় ৷ ১৯৪৭ চনৰ পিছৰ স্বাধীন ভাৰত হৈছে তেওঁৰ চিন্তা, কূটনীতি আৰু স্বাধীনতা সংগ্ৰামৰ অনন্য পদ্ধতিৰ অৱদান । দেশৰ স্বাধীনতা লাভৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আছিল(Gandhi Jayanti 2023) ।

গান্ধী জয়ন্তী উপলক্ষে দিল্লীৰ ৰাজঘাটত বাপুজীক শ্ৰদ্ধাঞ্জলি জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । সমগ্ৰ দেশৰ লগতে অসমতো ৰাজ্য চৰকাৰৰ উদ্যোগত এই পবিত্ৰ দিৱসটি পালন কৰা হয়। বিভিন্ন কাৰ্য্যসূচীৰে পালন কৰা হ’ব আজিৰ এই পবিত্ৰ দিৱসটি। জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma)। গুৱাহাটীৰ গান্ধী মণ্ডপত (Gandhi Mandap) আয়োজন কৰা হৈছে বিশেষ কাৰ্যসূচীৰ।

গান্ধী জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাই দিল্লীৰ ৰাজঘাটত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীৰ উপৰি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, দিল্লীৰ উপ–ৰাজ্যপাল ভি কে ছাকছেনাসহ বহু নেতাই ৰাজঘাটত উপস্থিত হৈ বাপুজীক শ্ৰদ্ধাঞ্জলি জনায়। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু উপ–ৰাষ্ট্ৰপতি জগদীপ ধনখড়েও ৰাজঘাটত উপস্থিত হৈ মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি কয়, ‘গান্ধী জয়ন্তী উপলক্ষে মই মহাত্মা গান্ধীক প্ৰণান জনাইছো। তেওঁৰ কালজয়ী শিক্ষাই আমাৰ পথ আলোকিত কৰি আহিছে। আমি সকলোৱে তেওঁৰ সপোন পূৰণ কৰাৰ দিশত কাম কৰি আছো। তেওঁৰ চিন্তাধাৰাই প্ৰতিজন নৱপ্ৰজন্মক সেই পৰিৱৰ্তনৰ বাহক হোৱাত সক্ষম কৰক, যাৰ সপোন দেখিছিল গান্ধীয়ে, যাৰ জৰিয়তে সৰ্বত্ৰ একতা আৰু সদভাৱে উদগনি লাভ কৰে।’

লগতে পঢ়ক :Orang National Park opened : পৰ্যটকৰ বাবে সুখবৰ; মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান