Local, Vocal, Global

Orang National Park opened : পৰ্যটকৰ বাবে সুখবৰ; মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান

নিউজ ডেস্ক, ১অক্টোবৰ : পৰ্যটক আৰু প্ৰকৃতিপ্ৰেমী সকলৰ বাবে সুখবৰ । আনুষ্ঠানিক ভাৱে পুনৰ মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান(Orang National Park opened for tourists) । নতুনকৈ সংযোজন হ’ল নৌকা বিহাৰ ৷

দেশী বিদেশী পৰ্যটকসকলৰ বাবে সুখবৰ । আজিৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান । জেষ্ঠ বনকৰ্মী তৰুণ বড়ো আৰু অৰণ্যক প্ৰধান ড° বিভৱ তালুকদাৰে আনুষ্ঠানিক ভাৱে ফিতা কাটি পুনৰ মুকলি কৰে ৰাষ্ট্ৰীয় উদ্যানখন । সংগ দিয়ে উদ্যান খনৰ ডি এফ অ’ৰ লগতে বিভিন্ন পৰ্য্যায়ৰ বিষয়া সকল(Reopen Orang National Park) ৷

আজিৰে পৰা দেশী বিদেশী পৰ্যটক সকলে ৰাষ্ট্ৰীয় উদ্যানখনৰ মনোমহা দৃশ্য উপভোগ কৰাৰ লগতে কৰিব পাৰিব নৌকা বিহাৰো ৷ কেৱল ইমানেই নহয় পৰ্যটক সকলে কৰিব পাৰিব জীফ চাফাৰীৰ লগতে হাতী চাফাৰীও ৷

পূৰ্বৰ তুলনাত পৰ্যটকৰ সংখ্যা বাঢ়িব বুলি আশা প্ৰকাশ কৰিছে ডি এফ অই ৷ উদ্যানখন উন্নয়ন কৰাৰ ক্ষেত্ৰত অসম চৰকাৰক আহ্বান জনাইছে অৰণ্যক প্ৰধান ড° বিভৱ তালুকদাৰে(Orang National Park opened) ৷

লগতে পঢ়ক :LPG rates with effect from October 1 : আজিৰে পৰা পুনৰ দাম বৃদ্ধি হ’ল LPG চিলিণ্ডাৰ,গুৱাহাটীত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ২০৬ টকালৈ বৃদ্ধি