Corruption in Road Construction : ৰাস্তা নিৰ্মানত ব্যাপক দুৰ্নীতিৰ অভিযোগ
সৰ্থেবাৰী, ১অক্টোবৰ : ৰাস্তা নিৰ্মানৰ ব্যাপক দুৰ্নীতিৰ অভিযোগ(Corruption in Road Construction) । MGNREGA অধীনস্থ ৰাস্তাৰ কামত বিয়াগোম দুৰ্নীতি কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ।
পূব অটা গাঁৱত MGNREGA অধীনস্থ ৰাস্তাৰ কামত ঠিকাদাৰ আৰু ৱাৰ্ড মেম্বাৰৰ বিৰুদ্ধে বিয়াগোম দুৰ্নীতিৰ অভিযোগ(Corruption in Development of Barpeta)।
উল্লেখ্য যে, বৰপেটাৰ সৰুক্ষেত্রীত বেতবাৰী উন্নয়ন খণ্ডৰ পূব অটা গাঁৱত MGNREGA অধীনস্থ ৮,৯৫,৬১১ টকাৰ ৰাস্তাৰ কামত ২৫,০০০ টকাৰ কাম কৰি বাকী টকা ঠিকাদাৰ আৰু ৮ নং ৱাৰ্ডৰ মেম্বাৰে আত্মসাত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে(Allegations of Corruption in Road Construction) ।
ৱাৰ্ড মেম্বাৰ জাহেৰ আলী আৰু চাৰিজন ঠিকাদাৰ গফুৰ আলী, নুৰ ইছলাম, ছবুৰ আলী আৰু নুৰ ইছলামৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।স্থানীয় ৰাইজে উক্ত ৰাস্তাৰ কামৰ সঠিক তদন্ত কৰিবলৈ উন্নয়ন খণ্ডৰ বিষয়ববীয়া, জিলা প্রশাসন আৰু চৰকাৰক আহ্বান জনোৱাৰ লগতে দুৰ্নীতিকাৰীৰ কঠোৰ শাস্তি পোৱাটো বিচাৰে।
লগতে পঢ়ক :Orang National Park opened : পৰ্যটকৰ বাবে সুখবৰ; মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান