Nagaon Youth Apprehended for Alleged Involvement in Anti National Activities : ভুৱনেশ্বৰৰ পৰা যুৱকক বিচাৰি নগাঁৱৰ জাজৰি থানাত উপস্থিত ওড়িশাৰ CIDৰ দল

নিউজ ডেস্ক, ২১ ছেপ্টেম্বৰ : ভুৱনেশ্বৰৰ পৰা যুৱকক বিচাৰি নগাঁৱৰ জাজৰি থানাত উপস্থিত ওড়িশাৰ CIDৰ দল । CID ৰ জালত বটদ্ৰৱাৰ গেন্ধুৱা পথাৰৰ যুৱক । পাকিস্তানী চোৰাংচোৱাক দেশৰ গোপন তথ্য যোগান ধৰাৰ অভিযোগত আটক যুৱকজনক। ওড়িশাৰ CID ৰ এটা দল আৰু জাজৰি আৰক্ষীৰ অভিযানত আটক কৰে ইকবাল হুছেইন নামৰ যুৱকজনক । ধৃত ইকবাল হুছেইনৰ ঘৰ বটদ্ৰৱাৰ গেন্ধুৱা পথাৰত বুলি জানিব পৰা গৈছে ৷ কৰ্মৰত অৱস্থাত থাকোঁতেই ইকবাল হুছেইনক তুলি আনি ওড়িশা CIDৰ হাতত গতাই দিলে জাজৰি আৰক্ষীয়ে(Nagaon youth arrested by CID for anti national activity) ।
দীৰ্ঘসময় ধৰি জাজৰি থানাত জেৰা কৰাৰ পিছত বিচাৰি থকা ইকবাল হুছেইন এইটোৱেই বুলি নিশ্চিত হ’ল ওড়িশা CID। লগে লগে ওড়িশা CID–এ জিম্মাত ল’লে ইকবাল হুছেইনক। গ্ৰেপ্তাৰ কৰা ইকবাল হুছেইনক লৈ বুধবাৰে নিশাই ভুবনেশ্বৰলৈ ৰে’লেৰে যাত্ৰা কৰিছে ওড়িশা CIDৰ দল
অভিযোগ অনুসৰি, ইকবাল হুছেইন নামৰ যুৱকজনে পাকিস্তানৰ আব্দুল হামিদ নামৰ এজন যুৱকৰ সৈতে মিলি দেশ বিৰোধী কাৰ্য কলাপত লিপ্ত থকাৰ লগতে দেশৰ তথ্য যোগান ধৰি আহিছিল ৷ এই অভিযোগৰ ভিত্তিতে আটক কৰা হয় ইকবাল হুছেইনক । জানিব পৰা মতে, আটকাধীন ইকবাল হুছেইনে বেংগালুৰুত কৰ্মৰত হৈ আছিল ৷ কিন্তু পৰৱৰ্তী পৰ্যায়ত ইকবল হুছেইনে বটদ্ৰৱাৰ গেন্ধোৱা পথাৰৰ নিজা বাসগৃহত আত্মগোপন কৰি আছিল ।
উল্লেখ্য যে, চোৰাংচোৱাৰ সন্দেহত ওড়িশাত গ্ৰেপ্তাৰ হোৱা যুৱকৰ সৈতে বেংগালুৰুত একেলগে আছিল ইকবাল হুছেইন। আনকি দুয়োটাই চাকৰি কৰিছিল একেখন হোটেলত। তেতিয়াই দুয়োটাৰে সংস্পৰ্শলৈ আহিছিল আব্দুল হামিদ নামৰ এজন পাকিস্তানৰ যুৱক। দুয়ো মিলি পাকিস্তানৰ আব্দুল হামিদক ভাৰতৰ বহু গোপন তথ্য প্ৰমাণ যোগান ধৰাৰ কথা ইতিমধ্যে স্বীকাৰ কৰিছে ধৃত ওড়িশাৰ যুৱকজনে। সেই যুৱকৰ ভাষ্যৰ আধাৰতে ভুৱনেশ্বৰৰ পৰা অহা ওড়িশা CIDএ গ্ৰেপ্তাৰ কৰিছে বটদ্ৰৱাৰ গেন্ধুৱা পথাৰৰ ইকবাল হুছেইনক(Nagaon Youth Apprehended for Alleged Involvement in Anti National Activities)।
কেনেকৈ পাকিস্তানৰ আব্দুল হামিদক দেশৰ তথ্য যোগান ধৰিছিল ইকবাল হুছেইনে ? এই সম্পৰ্কে বৰ্তমানলৈ কোনো তথ্য পোৱা নাই যদিও হয়তো ওড়িশাৰ যুৱকৰ সৈতে ইকবাল হুছেইনক একেলগে জেৰা কৰিলে পোহৰলৈ আহিব ।